গোলাঘাট, সংবাদ ৩৬৫, ৬ আগষ্টঃ একবিংশ শতিকাতো আমাৰ সমাজ ব্যৱস্থাৰ মানসিকতা তেনেই নিকৃষ্ট৷সমাজৰ এলাগী বাবেই অন্তিম সংস্কাৰৰ পৰা বঞ্চিত এজন যুৱক৷গোলাঘাটৰ বৰকাঠনিৰ মলিয়াগাঁৱৰ মনোমতি বৰুৱা অলপ মানসিক বিকাৰগ্ৰস্ত ৷ সমাজৰ লোকক হাল্লা চিল্লা কৰি কিছু অসুবিধাৰ সৃষ্টি কৰে যাৰ বাবে সমাজে এঘৰীয়া কৰি ৰাখিছিল৷ মনোমতি বৰুৱাৰ পুত্ৰ পাপু বৰুৱাৰ যোৱা কালি দিনৰ দুই বজাত মৃত্যু হয়৷ পুত্ৰৰ অন্তিম সংস্কাৰৰ বাবে মাতৃ মনোমতি বৰুৱাই ওচৰ চুবুৰীয়া, আত্মীয় সকলোকে কাতৰ অনুৰোধ কৰিছিল যদিও বিফল হ’ল, কোনো নাহিল অন্তিম সংস্কাৰৰ বাবে৷ কিন্তু মানৱীয়তাৰ মূল্য বুজি গোলাঘাট জিলাৰ আমছুৰ বাবুল আলী হাজৰিকাৰ নেতৃত্বত নাহৰণি আঞ্চলিক আমছু আৰু বৰকাঠনি শাখা আমছুৰ কৰ্মীসকলৰ যৌথ প্ৰচেষ্টাত সকলো ব্যৱস্থা কৰি বিদায় মুহূৰ্তৰ সকলো কাম সম্পূৰ্ণ কৰে৷ এইখিনিতে প্ৰশ্ন হয়, গোলকীয় বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো এনে এঘৰীয়া প্ৰথা আমাৰ সমাজ ব্যৱস্থাত যুক্তিযুক্ত হয় নে? কেতিয়া আমাৰ সমাজ ব্যৱস্থা সংস্কাৰমুখী হ’ব?