গুৱাহাটী, সংবাদ ৩৬৫, ৩০ অক্টোবৰ: আজি এটা দশক সম্পূৰ্ণ হ’ল অভিশপ্ত ৩০ অক্টোবৰৰ। ২০০৮ চনৰ শোকৰ স্মৃতি সোঁৱৰণ কৰি পুনৰ আজি ৩০ অক্টোবৰৰ দিনা সমগ্ৰ ৰাজ্যজুৰি পালিত হ’ল অভিশপ্ত কলা দিৱস ৩০ অক্টোবৰ। আজিৰ দিনটোতেই গুৱাহাটীৰ গণেশগুৰি, পানবজাৰ, বঙাইগাঁও, কোকৰাঝাৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল। এই ভয়াৱহ বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮৮ গৰাকীকৈ নিৰীহ লোকে। আৰু এই দিনটোতেই আজি সমগ্ৰ ৰাজ্যতে শোকৰ স্মৃতি সোঁৱৰণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে পুনৰবাৰ নিজৰ মত ব্যক্ত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ভিন্ন জনে। বৰপেটাৰোড, কোকৰাঝাৰ, বঙাইগাঁৱৰ লগতে মহানগৰী গুৱাহাটীৰ গণেশগুৰি, পানবজাৰ আৰু চি জি এম আদালতত উগ্ৰপন্থী সংগঠন এন ডি এফ বিৰ বোমাত নিহত সকলক শ্ৰদ্ধাঞ্জলি জনালে ৰাজ্যবাসীয়ে। উগ্ৰপন্থী সংগঠনৰ বোমাত চি জি এম আদালতত নিহত হৈছিল অধিবক্তা দীপামণি শইকীয়া, বিপুল কুমাৰ নাথ, অনুপ কুমাৰ ভূঞা, নিৰাপত্তাৰক্ষী মহেশ সাউদ আৰু তৰণি আবুল কালাম আহমেদ। অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত চি জি এম আদালতত নিহত হোৱা ব্যক্তি সকলৰ আত্মাৰ শান্তিৰ বাবে উকীল সন্থা, গুৱাহাটীয়ে প্ৰতিবছৰৰ দৰে এইবাৰো এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই অংশগ্ৰহণ কৰি নিহত ব্যক্তি সকল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চি জি এম আদালতৰ লগতে অসমৰ ইতিসকৰ আটাইতকৈ ক’লা দিন হিচাপে বিবেচিত দিনটোত গণেশগুৰিত নিহত হোৱা ব্যক্তি সকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে চৰকাৰী ভাৱে গণেশগুৰি উৰণীয়া সেতুৰ তলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিহত লোক সকলৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰি নিহত ব্যক্তি সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উগ্ৰপন্থীৰ এই নিৰ্মম কাৰ্যকলাপক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। উল্লেখ্য যে ২০০৮ চনৰ অভিশপ্ত ৩০ অক্টোবৰ ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰায় ৮৮ জন লোকে নিহত হোৱাৰ লগতে শতাধিক লোক আহত হৈ চিৰদিনৰ বাবে ঘুনিয়া হৈছিল।