গুৱাহাটী, সংবাদ ৩৬৫, ১২ জানুৱাৰী : কাৰাগাৰৰ পৰা মুক্তিলাভ কৰিলে শৃংখল চলিহাই । বৰপেটা কাৰাগাৰৰ পৰা দেওবাৰে মুক্তিলাভ লাভ কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ।

মুকলি আকাশৰ তলত আহিয়েই চৰকাৰে ২০২১ত ভূমিপুত্ৰসকলে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি চৰকাৰক প্ৰত্যাহ্বান জনালে শৃংখল চালিহাই।

১০ জানুৱাৰীতে জামিন পোৱাৰ কথা আছিল শৃংখল চালিহাই।

উল্লেখযোগ্য যে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা ২৪ ডিচেম্বৰত “কা” বিৰোধী আন্দোলনত ভাষণ দি থাকোতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

তাৰপিছতে বীৰ লাচিত সেনাৰ শৃংখল চলিহাক ২৬ ডিচেম্বৰত হাজিৰ কৰোৱা হৈছিল মুখ্য ন্যায়াধীশ দণ্ডাধীক্ষৰ কাৰ্য্যালয়ত। তাৰপাছত ২ দিনৰ বাবে চি আই ডিয়ে জিম্মাত লৈছিল। ইয়াৰ পাছতে পুনৰ চি আই ডিয়ে ২ দিনৰ বাবে নিজৰ জিম্মাত লৈছিল শৃংখল চলিহাক।