গুৱাহাটী, সংবাদ ৩৬৫, ৩ মেঃ সাংবাদিক পৰিষদ, অসমৰ সভাপতি সঞ্জীৱ গোস্বামীৰ সভাপতিত্বত বুধবাৰে সংগঠনটোৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় মহানগৰী গুৱাহাটীত। সভাত সংগঠনটোৰ মুখ্য পৰামৰ্শদাতা বিশিষ্ট সাহিত্যিক, সাংবাদিক জি এল আগৰৱালাই সংগঠনটোৰ ভৱিষ্যত কৰ্মপন্থা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি সংস্থানটোৰ আন্তঃগাঁথনি সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাধাৰণ সম্পাদক ৰবিন দাসে সভাৰ উদ্দেশ্য বাখ্যা কৰা সভাখনত সংগঠনটোৰ উপদেষ্টা চন্দ্ৰ কুমাৰ শইকীয়া, গোলাক চন্দ্ৰ কলিতা, কাৰ্যকৰী সভাপতি মণ্টু শইকীয়া, উপ-সভাপতি যোগেন মজুমদাৰ, ভৱতোষ ডেকা, সহকাৰী সাধাৰণ সম্পাদক বনদীপ গোস্বামী আৰু সৰফৰাজ খানও বক্তব্য প্ৰদান কৰি সংগঠনটোক গতিশীল কৰাৰ লগতে সাংবাদিক সকল আৰু ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত সৰৱ হ’বলৈ আহ্বান জনায়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সাংবাদিক সকলৰ ক্ষেত্ৰত হঠাতে আহি পৰা বিভিন্ন প্ৰত্যাহ্বান আৰু সাংবাদিক সকল ৰোগাক্ৰান্ত হ’লে চিকিৎসাৰ ক্ষেত্ৰত সাহায্য আগবঢ়াব পৰাকৈ পুঁজি গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উল্লেখ্য যে সংগঠনটোৰ কাৰ্যনিৰ্বাহক সমিতিৰ সকলো সদস্যই সভাত অংশগ্ৰহণ কৰে আৰু সদস্য সকলক পৰিচয় পত্ৰও প্ৰদান কৰা হয়।