আন্ধেৰীঘাটৰ পৰা দিপজ্যোতি ডেকা, সংবাদ ৩৬৫, ১ মেঃ বৰনদীঝাৰ সমাজ কল্যাণ প্ৰগতি সংঘৰ সোণালী জয়ন্তী ৰঙালী বিহুৰ অনুষ্ঠানৰ সফল সামৰণি পৰে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি ভৰত চন্দ্ৰ ৰাজবংশীয়ে, পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰথম দিনৰ বিভিন্ন বাৰেৰহনীয়া অনুষ্ঠানেৰে কাৰ্যসূচী সমাপ্তি হয়। দ্বিতীয় দিনা স্বেচ্ছাসেৱক উপসমিতিৰ দ্বাৰা সামূহিক চাফাই অভিযানেৰে দিনটোৰ শুভাম্ভনী হোৱাৰ লগতে পুৱা ১০ বজাত উলিওৱা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটিৰ শতাধিক ডেকা গাভৰুৰ লগতে পুৰুষ মহিলাই অংশগ্ৰহন কৰে। শোভাযাত্ৰাত বৰনদীঝাৰ, কাৱৈমাৰী গাঁও তথা অঞ্চলটোৰ মহিলাসকলৰ বিহু দল আৰু যুৱক যুৱতী সকলে বিভিন্ন ধৰণৰ নৃত্যৰ পৰিবেশন কৰে। দ্বিতীয় দিন অনুষ্ঠিত এক মুকলি সভাত স্মৃতিগ্ৰন্থ “দাপোন” উন্মোচন কৰা হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ভেৰুৱা হাইস্কুলৰ শিক্ষক মনোৰঞ্জন শৰ্মাই পিতৃ মাতৃ আৰু সমাজৰ ভূমিকা, আজিৰ যুৱ সমাজ আৰু বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত বক্তৃতা প্ৰদান কৰি ৰাইজক আপ্লুত কৰি তোলে। সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ নাথ, শিক্ষক ভূষণ ৰাজবংশী, বিশিষ্ট সমাজকৰ্মী মুক্তা ডেকাৰ লগতে সোণালী জয়ন্তী বিষয়ববীয়া সকল। সভাৰ মাজতে সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশিত স্মৃতিগ্ৰন্থ “দাপোন” উন্মোচন কৰে আন্ধেৰীঘাট সাহিত্য সভাৰ সভাপতি শশীন শইকীয়াই। দুপৰীয়া ১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে স্মৃতিগ্ৰন্থ উপসমিতিৰ সভাপতি দীন ৰাজবংশীয়ে। সন্ধিয়াৰ ভাগত স্থানীয় শিল্পীৰ বিচিত্ৰানুষ্ঠান আৰু আমন্ত্ৰিত শিল্পী কেশৱ, গনদীপ আৰু চয়নিকাৰ গীতে ৰাইজক বাৰুকৈ আমোদ প্ৰদান কৰে। তৃতীয় দিনাৰ অনুষ্ঠানত মুকলি সভাত সভাপতিত্ব কৰে উপেন ৰাজবংশীয়ে। উদ্বোধক, হিন্দী বিভাগৰ প্ৰৱক্তা দীপাংকৰ দাসৰ বক্তৃতাৰে সভা আৰম্ভ কৰাৰ লগতে উপস্থিত অৱসৰপ্ৰাপ্ত অধ্যাপক অজিত তালুকদাৰ সমাজ ব্যৱস্থাৰ ওপৰত তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়াই। সংবাদ মাধ্যমৰ আগশাৰীৰ সাংবাদিক, দৰং জিলাৰ বার্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক লক্ষ্যধৰ শইকীয়া উপস্থিত থাকি সভাৰ সৌস্তুভ বৃদ্ধি কৰাৰ লগতে নিশাৰ ভাগত জনপ্ৰিয় ধাৰাবাহিক “ঐ খাপলা”ৰ হাপা আৰু চেনীৰ কৌতুক অভিনয়ে দৰ্শকক হাস্যৰস প্ৰদান কৰে। ভৱেন বৰুৱাৰ ৰচিত মূলনাট “বোবা ছোৱালীৰ উচুপনি” প্ৰদৰ্শনেৰে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰ সমাপ্তি ঘটে।