গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ: সাৰদা কেলেংকাৰীৰ মূল খলনায়ক সুদীপ্ত সেনক ১৪ দিনৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগৰলৈ প্ৰেৰণ। সুদীপ্ত সেনক পুনৰ ৬ এপ্ৰিলত আদালতত হাজিৰ কৰোৱা হব। সাৰদা কেলেংকাৰীৰ মূল খলনায়ক সুদীপ্ত সেনক গুৱাহাটীত পঞ্জীকৃত হোৱা দুহেজাৰ কোটি টকাৰ সাৰদা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত সোধা পোছাৰ বাবে বৃহস্পতিবাৰে নিশা কলকাতা কাৰাগৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল। কলকাতাৰ পৰা আনি সুদীপ্ত সেনক পানবজাৰ আৰক্ষী চকীত ৰখা হৈছিল আৰু শুক্ৰবাৰে পুৱা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত সুদীপ্ত সেনক পোনে পোনে কামৰূপ জিলা বিশেষ ন্যায়াধীশৰ আদালত হাজিৰ কৰোৱা হয়। আদালতে সুদীপ্ত সেনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে, সুদীপ্ত সেনক ১৪ দিনলৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হব আৰু পুনৰ ৬ এপ্ৰিলত আদালতত হাজিৰ কৰোৱা হব। উল্লেখ্য যে, ২০১৪ চনত সুদীপ্ত সেনৰ বিৰুদ্ধে ইডি’এ এটা গোচৰ ৰুজু কৰিছিল আৰু এই গোচৰৰ ভিত্তিতে সোধা পোছাৰ বাবে অসমলৈ অনা হৈছে সুদীপ্ত সেনক। ২০১৩ চনত সাৰদা কেলেংকাৰীৰ খলনায়ক সুদীপ্ত সেনক কাশ্মীৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। অসম, পশ্চিম বংগ, ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত সাৰদা বিত্তীয় প্ৰতিষ্ঠানৰ জড়িয়তে বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল সুদীপ্ত সেনে। সুদীপ্ত সেন সাৰদা বিত্তীয় প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আছিল।