হাটছিঙিমাৰী, সংবাদ ৩৬৫, ৫ আগষ্টঃ ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে চোৰাং কাঠৰ বেহা, নিষিদ্ধ ড্ৰাগছ আদিকে ধৰি গৰু সৰ্বৰাহকাৰী৷শনিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ হাতীৰচৰ বি এছ এফ কেম্পৰ এলেকাধীন চৰ খনৰ পৰা ১৪২ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰায়ত্ব কৰে গৰু সৰ্বৰাহকাৰী কেইটাক৷ সুখচৰ থানা এলেকাৰ টেলিপাৰা গাৱঁৰ পৰা তিনিটা গৰু সহ সৰ্বৰাহকাৰী কেইজনক সীমান্ত সুৰক্ষা বাহিনীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰায়ত্ব কৰা তিনি গৰু সহ তিনি গৰু সৰ্বৰাহকাৰীক সুখচৰ আৰক্ষীৰ হাতত গতাই দিয়ে৷ তাৰ পাচত আৰক্ষীয়ে তিনিও জনক গ্ৰেপ্তাৰ কৰি ৰবিবাৰে আদালতালৈ প্ৰেৰণ কৰাৰ পাছত আদালতে তেওঁলোকক ধুবৰী জেললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে৷ আটকাধীন চোৰকেইজন হৈছে সুখচৰ থানা এলেকাৰ টেলিপাৰা গাৱঁৰ নুৰু শেষৰ পুত্ৰ মইনুল ইছলাম (১৫), ৰহিজুদ্দিন আলিৰ পুত্ৰ শজাহান শেখ (১৯) আৰু সুৰত জামালৰ পুত্ৰ শহজাহান ইছলাম (১৫) বুলি পৰিচয় পোৱা গৈছে৷