ফজলুৰ ৰহমান
সোণতলী
৪ আগষ্ট

বকোৰ বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে সৰৱ সমষ্টিবাসী। নন্দিতা দাসৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদৰ জৰিয়তে সমষ্টিবাসীয়ে উদঙালে বিধায়িকা গৰাকীৰ সমষ্টি উন্নয়নৰ ব্যৰ্থতা। সমষ্টিৰ উন্নয়ন নহ’লে আগন্তক বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ। 

সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচন৷ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা সকলে ভোটাৰক আকৰ্ষিত কৰিবলৈ অৱলম্বন কৰিছে বিভিন্ন ৰণকৌশল৷ নিৰ্বাচনৰ পুৰ্বে ৰাজনৈতিক নেতা সকলে ৰাইজক সমষ্টি উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনৰ পিছত পাহৰি যায় সমষ্টি উন্নয়ন আৰু সমষ্টিবাসীৰ কথা। এই নেতা সকলৰ ভিতৰৰে এগৰাকী হৈছে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত যে বকোৰ বিধায়িকা গৰাকী সম্পুৰ্ণূৰূপে ব্যৰ্থ হৈছে ইয়াৰে জলন্ত উদাহৰণ দাঙি ধৰিছে বৰদিয়া-নয়াপাৰাৰ ৰাইজে।উল্লেখ্য যে, এম জি এনৰেগা আঁচনিৰ অধীনত বৰদিয়া-নয়াপাৰাৰ পৰা আৰিকাটি সংযোগী পথৰ আধাৰশিলা স্থাপন কৰিছিল স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে কিন্তু আধাৰশিলা স্থাপনৰ এবছৰ পাৰ হোৱাৰ পিছতো আজিলৈকে এপাচি মাটি নপৰিল বৰদিয়া-নয়াপাৰাৰ মূল পথটোত৷ দুৰ্ভাগ্যজনক কথা হ’ল যে বিধায়িকা নন্দিতা দাস আৰু মাহতলী গাঁও পঞ্চায়তৰ প্ৰতিনিধি সকলে স্থাপন কৰা আধাৰশিলা ভাঙি চুৰমাৰ হৈছে যদিও আৰাম্ভ হোৱা নাই বৰদিয়া-নয়াপাৰা আৰিকাটি সংযোগি পথটোৰ নিৰ্মাণৰ কাম৷ স্থানীয় ৰাইজৰ অভিযোগ বিধায়িকা নন্দিতা দাসৰ লগত কমিচনৰ অংক নিমিলাৰ বাবেই আজিলৈকে আৰম্ভ নহ’ল পথটোৰ নিৰ্মাণৰ কাম৷ ৰাইজৰ অভিযোগ প্ৰত্যেকটো কামতে বিধায়িকা নন্দিতা দাসক লাগে কমিচন। বিধায়িকা নন্দিতা দাসে চিন্তা নকৰে ৰাইজৰ দুখ-দুৰ্গতিৰ কথা ৷ বৰদিয়া-নয়াপাৰা অঞ্চলৰ ৰাইজে অতি দুখ কষ্টৰ মাজেৰে জৰাজীৰ্ণ পথটোৰে বিপদসংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে। পথটো নিৰ্মাণ নকৰাত অঞ্চলটোৰ ৰাইজে টুলুঙা নাৱৰে যাতায়ত কৰিবলগীয়া হৈছে, সাধাৰণ ৰাইজৰ লগতে ৰোগী সকলো জৰাজীৰ্ণ পথটোৰ বাবে বঞ্চিত হৈ আহিছে এম্বুলেঞ্চ সেৱাৰ পৰা। ৰোগীসকলক চিকিৎসালয়ত লৈ যাবলৈ হ’লে সাঙি বান্ধি লৈ যাব লগা হয় ৷ আনকি স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলে যাতায়তৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছে ৷

আধুনিক যুগতো সকলো সা-সুবিদাৰ পৰা বঞ্চিত বৰদিয়া-নয়াপাৰা, আৰিকাটি, পল্লীমংগল আদি অঞ্চলৰ ৰাইজে। যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে বৰদিয়া-নয়াপাৰা অঞ্চলৰ ৰাইজে বকোৰ বিধায়িকা নন্দিতা দাসৰ প্ৰতিমুৰ্তি দাহ কৰি পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ নিৰ্বাচনৰ পুৰ্বে যদি উক্ত পথটোৰ কাম সম্পুৰ্ণ নকৰে তেন্তে অহা বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰাৰ লগতে উক্ত অঞ্চলত নেতা-পালিনেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলিও ভাবুকি প্ৰদান কৰে ৰাইজে৷