মোবাইল, লেপটপ, নগদ ধনসহ তিনি লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

সোণতলী, ১৬ এপ্ৰিলঃ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত মাহতলী বজাৰস্থিত মা ইনফ’কম নামৰ মোবাইল বিপনীত সংঘটিত চুৰিৰ সন্দেহত আজি আৰক্ষীয়ে দুজন ব্যক্তিক সোধ-পোছৰ কাৰণে আটক কৰে৷ মাহতলীস্থিত মা ইনফ’কম নামৰ মোবাইল বিপনীখনৰ পৰা যোৱাকালি চোৰে নগদ ধন সহ তিনি লক্ষাধিক টকাৰ সা-সামগ্ৰী চুৰি কৰে৷ বিহু আৰু হালখাতাৰ ব্যস্ততা সামৰি আবেলি তিনি মান বজাত মা ইনফ’কমৰ স্বত্বাধিকাৰী ইমৰুল হকে দোকানখন খুলিয়েই দোকানৰ সা-সামগ্ৰী লণ্ড-ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰে ৷ চেমচাং, অপ্প, কাৰ্বণ, ভি’ভ আদি এনড্ৰয়ড আৰু জিএছএম মোবাইল, লেপটপ,  চাৰ্জাৰ, মেমৰিকাৰ্ডকে ধৰি নগদ ধনসহ চোৰে প্ৰায় তিনিলাখ টকাৰ সামগ্ৰী চুৰি কৰে৷ বজাৰখনত নৈশ চকীদাৰ তথা চিচিটিভিৰ কটকটীয়া পহৰাৰ মাজতো চোৰে দোকানখনৰ চালৰ টিনপাত খুলি লুট-পাট চলোৱা কাৰ্যত স্থানীয় লোকে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ ক্ষুদ্ধ জনতাই সোণতলী আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে ৷ বিপনীখনৰ স্বত্বাধিকাৰী ইমৰুল হকে সোণতলী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তৎকালীনভাৱে তদন্ত আৰম্ভ কৰি আজি পুৱা বজাৰখনৰ নৈশ চকীদাৰ দুজনক সোধ-পোছৰ কাৰণে আটক কৰে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে দক্ষিণ কামৰূপৰ ছয়গাওঁ থানাৰ অন্তৰ্গত গৰৈমাৰীৰ বাপু ইলেক্ট্ৰনিকচৰ নামৰ আন এখন মোবাইল বিপনীৰ পৰা চোৰে চালৰ টিনপাত খুলি এটা সপ্তাহত দুবাৰকৈ চুৰি কৰে৷ যোৱাকালি চোৰে পুনৰ একেটা পদ্ধতিৰে মা ইনফ’কমত চুৰি কৰাত অঞ্চলটোত চোৰৰ এটা বৃহৎ দল সক্ৰিয় হৈ পৰাটো স্পষ্ট হৈ পৰিছে৷ আৰক্ষীয়েও চোৰৰ দলটোক আটক কৰিবলৈ ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে৷