ফজলুৰ ৰহমান

সোণতলী

৩১ জানুৱাৰী

দক্ষিণ কামৰূপৰ বৃহত্তৰ সোণতলীত দেওবাৰে অনুষ্ঠিত হয় প্ৰাইজমণি ফুটবল খেলৰ ফাইনেল খেলখন। সোণতলী উচ্চতৰ মাধ্যমিক খেল পথাৰত সোণতলী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়ন আৰু সোণতলী শাখা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা হয় ফুটবল খেলখন।

প্ৰাইজমণি ফুটবল খেলখনৰ দেওবাৰৰ ফাইনেল খেলত খেল প্ৰদৰ্শন কৰে স্বান একাডেমি বনাম বৰপেটা ষ্টাৰ স্পৰ্টিং ক্লাৱ, কয়াকুচি ফুটবল ক্লাৱ। উল্লেখ্য, নিৰ্ধাৰিত ৯০ মিনিটৰ ফাইনেল খেলখনত স্বান একাডেমীয়ে ৩ টাকৈ গল কৰি ৩-০ গলত বৰপেটা ষ্টাৰ স্পৰ্টিং ক্লাৱ, কয়াকুচি ফুটবল ক্লাৱক পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। দেওবাৰৰ ফাইনেল খেলখন উপভোগ কেইবলৈ বৃহত্তৰ বৃহত্তৰ সোণতলী অঞ্চলত কেইবা শতাধিক লোক সমবেত হোৱা পৰিলক্ষিত হয়। সোণতলীৰ লগতে বকো আৰু ছায়গাঁৱৰ পৰাও বহু লোক আজিৰ ফাইনেল খেলখন চাবলৈ ভিৰ কৰে সোণতলী উচ্চতৰ মাধ্যমিক খেল পথাৰত।

খেলৰ অন্তত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ৰহমাত উল্লাৰ সভাপতিত্বত বটাঁ বিতৰণী সভা অনুষ্ঠিত হয়। বটা বিতৰণী সভাত অংশ গ্ৰহণ কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, প্ৰাক্তন বিধায়কদ্বয় জ্যোতি প্ৰসাদ দাস, গোপীনাথ দাস, অসম জাতীয় পৰিষদৰ বকো সমষ্টিৰ মুখ্য আহহ্বায়ক দীপ জ্যোতি দাসৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে।