কাচাৰ, সংবাদ ৩৬৫, ১২ জুনঃ কাচাৰ জিলাৰ সোণাই সমষ্টিৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰক পত্ৰযোগে হত্যাৰ ভাবুকি প্ৰদানৰ কথা পোহৰলৈ অহাৰ পিছত সমগ্ৰ কাচাৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে ৯ জুন তাৰিখে সোণাই সমষ্টিৰ বিধায়ক গৰাকীয়ে ডাকযোগে এক ভাবুকি পত্ৰখন লাভ কৰিছে। ঘটনাৰ সন্দৰ্ভত সোণাই সমষ্টিৰ বিধায়ক গৰাকীয়ে শিলচৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে ভাবুকি পত্ৰখনৰ লগতে প্ৰেৰকজনে পইণ্ট ৩২ পিষ্টলৰ দুটা সক্ৰিয় গুলীও প্ৰেৰণ কৰিছে। পত্ৰখনত বিজেপিৰ সোণাই সমষ্টিৰ বিধায়ক গৰাকীক ১৫ দিনৰ ভিতৰত বিজেপি দল ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰা হৈছে আৰু যদি বিধায়ক গৰাকীয়ে বিজেপি দলে ত্যাগ নকৰে তেন্তে তেওঁ মৃত্যুৰ সন্মুখীন হ’ব লাগিব। পত্ৰখন বৰাক উপত্যকাতৰ মুছলিম সংগঠনৰ এটা পৰা প্ৰেৰণ কৰা হৈছে আৰু হাইদৰ হুছেইন খান নামৰ কোনো লোকে সংগঠনটোৰ ফালৰ পৰা পত্ৰখন প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। বিধায়ক আমিনুল হক লস্কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰা বাবেও সংগঠনটোৱে পত্ৰখনত বিধায়ক গৰাকীক তিৰস্কাৰ কৰা বুলি জানিব পৰা গৈছে।