সোণাপুৰ, সংবাদ ৩৬৫, ২৪ এপ্ৰিলঃ কাঠফুলা খেতিৰ জড়িয়তে নিবনুৱা সকলক কৰ্মসংস্থাপন দিয়াৰ লগতে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে মঙলবাৰে মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ মৰংগাবাৰীত কাঠফুলা শিক্ষা তথা উৎপাদন কেন্দ্ৰৰ শুভদ্ধোধন কৰে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এম.জি.ভি.কে. ভানুৱে। “মাচৰুম ডেভেলপমেন্ট ফাউন্ডেচনৰ” উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত সোণাপুৰৰ মৰংগাবাৰীৰ লগতে ডিমৰিয়া উন্নয়ন খণ্ডৰ বিভিন্ন স্থানত পাঁচটা মাচৰুম ডেমষ্ট্ৰেছন ইউনিট অৰ্থাৎ মাচৰুম সংগ্ৰহ আৰু বিতৰণ কেন্দ্ৰ স্থাপন কৰা হয়। ১২৫ গৰাকী আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত হবলগীয়া এই কেন্দ্ৰ সমূহত মাচৰুম উৎপাদনৰ জড়িয়তে আৰ্থিকভাৱে লাভৱান হব আত্মসহায়ক গোট সমূহৰ সদস্য সকল। পুষ্টি অভিযান নামাকৰণৰে ৰূপায়ণ কৰা এই আঁচনিৰ অন্তৰ্গত মাচৰুম খেতিৰ শিক্ষা সংগ্ৰহ আৰু বিতৰণ কেন্দ্ৰটো মুকলি কৰে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এম.জি.ভি.কে ভানুৱে। সোণাপুৰৰ মৰংগাবাৰীত স্থাপন হোৱা কেন্দ্ৰটো মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন চমু সভাত অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে আত্ম সহায়ক গোটৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কেইবাজনো খেতিয়কক কাঠফুলাৰ বীজ বিতৰণ কৰে। মাচৰুম ডেভেলপমেন্ট ফাউন্ডেশ্বনৰ প্ৰাঞ্জল বৰুৱাই আত ধৰা অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নন্দিতা হাজৰিকাও অংশগ্ৰহণ কৰে।