সোণাৰি, সংবাদ ৩৬৫, ৬ মেঃ চৰাইদেউ জিলাৰ সোণাৰিত আৰক্ষীৰ দিনযোৰা অভিযানৰ অন্তত দুটাকৈ বোমা উদ্ধাৰ হয়। উদ্ধাৰ হোৱা বোমা দুটাৰ এটা শক্তিশালী ৰি’মট বোমা বিস্ফোৰিত হয়। উল্লেখ্য যে দেওবাৰে পুৱা ভাগত সাংবাদ মাধ্যমক আলফা (স্বাধীন) ফোন কৰি জানিবলৈ দিছিল যে চৰাইদেউ জিলাৰ সোণাৰিৰ চাংমাইগাঁৱৰ টিমন বৰতানী ভেছেলী গাঁৱত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী খুটাত সক্ৰিয় অৱস্থা তিনিটাকৈ শক্তিশালী বোমা আছে। আলফা (স্বাধীন) ইয়াৰে এটা বোমা বিস্ফোৰিত হোৱা বুলি জানিবলৈ দিছিল আৰু আৰক্ষীক বোমা থকাৰ খবৰ দি সাধাৰণ ৰাইজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছিল। সংবাদ মাধ্যমে আৰক্ষীক বোমাৰ খবৰ দিয়াত আৰক্ষীয়ে দেওবাৰে পুৱাৰে পৰা অভিযান চলাই বিয়লি ভাগত এঘাৰ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী খুটাত দুটাকৈ শক্তিশালী ৰি’মট কন্ট্ৰল বোমা উদ্ধাৰ কৰে। উদ্ধাৰ কৰা বোমা দুটাৰ এটা বোমা বিস্ফোৰিত হোৱাত বিদ্যুৎ পৰিবাহী এটা খুটা চূৰ্ণ বিচূন্ন হৈ পৰে। আনহাতে বোমা বিশেষজ্ঞ দল আহি আনটো বোমা নিস্ক্ৰিয় কৰি নিৰাপদ স্থানত বিস্ফোৰণ ঘটাব বুলি জানিবলৈ পৰা গৈছে।