বৰহাট, সংবাদ ৩৬৫, ২০ মাৰ্চ: চৰাইদেউ জিলাৰ ১০৬ নং সোণাৰি সমষ্টিৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত অবাধ গতিত বৃদ্ধি পাবলৈ ধৰিছে মদ, ভাং আৰু জুৱাৰ ৰমৰমীয়া বেহা। বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট, ভূঞাখাট, বৰহাট চাহ বাগিচা, বৰাছালি চাহ বাগিচা, টিটলাগড়, বৰুৱানগৰ অঞ্চলত এচাম অসাধু চক্ৰই অবৈধভাৱে মদ, ভাং আৰু জুৱাৰ আড্ডা চলাই আহি সামাজিক তথা শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলে এই অসাধু চক্ৰৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও বিভাগীয় কতৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰিছে সচেতন ৰাইজ। স্থানীয় প্ৰশাসনৰ লগত এক অসাধু চক্ৰই গোপন সম্পৰ্ক ৰক্ষা কৰি মদ, ভাং আৰু জোৱাৰ ৰমৰমীয়া বেহা দ্ৰুতগতিত বিস্তাৰ কৰিছে বুলি স্থানীয় ৰাইজৰ লগতে বহু কেইটা জাতীয় সংগঠনে অভিযোগ উত্থাপন কৰিছে।