সোণতলী, ১৮ ডিচেম্বৰঃ সোণতলীৰ এগৰাকী ছাত্ৰীয়ে অসমীয়া ঐতিহ্য ৰক্ষা কৰা বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি বিভিন্ন গীত গাৱলৈ সক্ষম হৈছে কেৱল মাত্ৰ নিজা প্ৰচেষ্টাৰে৷ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ কেৱল মাত্ৰ নিজৰ প্ৰচেষ্টাৰ ফলত এই প্ৰতিভাৰ গৰাকী হৈছে ছাত্রী গৰাকী। দক্ষিণ কামৰূপৰ সোণতলীৰ ১নং টুপামাৰী গাৱৰ আতোৱাৰ ৰহমানৰ জীয়ৰী তথা নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ছাত্ৰী ওৱাহিদা ৰহমানৰ কণ্ঠত শুনিবলৈ পোৱা যায় বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি বিভিন্ন আধুনিক গীত। জীয়ৰীৰ প্ৰতিভা থকাৰ পিছতো দৰিদ্ৰতা বাবে পিতৃয়ে দিব পৰা নাই নিজ জীয়ৰীক প্ৰতিভা বিকাশৰ বাবে উপযুক্ত পৰিবেশ৷ পিতৃৰ বন্ধুবৰ্গৰ পৰা লাভ কৰা কিছু সহযোগত মাজেৰে ওৱাহিদাই ঘৰতেই নিয়মীয়া ভাৱে চলাই গৈছে গানৰ অনুশীলন৷ এইখন জৰাজীৰ্ণ গৃহত থাকিয়েই লিখা-পঢ়াৰ লগতে গানৰ অনুশীলন অব্যহত ৰাখি দেখিছে এদিন সফল হোৱাৰ সপোন৷ স্থানীয় ৰাইজ তথা গাওঁবাসীৰ পৰা ওৱাহিদাই পাইছে ব্যাপক উৎসাহ উদ্দিপনা৷ অতি ভিতৰুৱা তথা সংখ্যালঘু বসতি প্ৰধান অঞ্চলত থাকিওঁ বৰগীত, বিহুগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত গাবলৈ সক্ষম হোৱাটো নিশ্চকৈ অসমবাসীৰ বাবে ভাল খবৰ৷ কিন্তু এইদৰে দৰিদ্ৰতাৰে যুঁজি ওৱাহিদাই পাৰিবনে তাইৰ সপোন বাস্তৱত কৰিবলৈ? প্ৰতিভা বিকাশৰ বাবে পাৱনে তাই উপযুক্ত মঞ্চ? নে পিতৃৰ অাৰ্থিক অনাটনৰ বাবে আধাতেই মৰহি যাব তাইৰ সপোন?