গুৱাহাটী, সংবাদ ৩৬৫, ২২ মাৰ্চ : দেওবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা “জনতা কাৰ্ফিউ” সোমবাৰ পুৱা ৮ বজালৈ অব্যাহত থাকিব অসমত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত বৃদ্ধি কৰিলে “জনতা কাৰ্ফিউ” সময়। কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “জনতা কাৰ্ফিউ” পালনৰ বাবে আহ্বান জনাইছিল।

সমগ্ৰ দেশতে দেওবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা “জনতা কাৰ্ফিউ” নিশা ৯ বজাত সমাপ্ত ঘটিব যদিও অসমত সোমবাৰে পুৱা ৮ বজালৈ অব্যহত থাকিব “জনতা কাৰ্ফিউ”। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত বৃদ্ধি কৰিলে “জনতা কাৰ্ফিউ” সময়। মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ ছোচিয়েল মিডিয়া যুগে এক ভিডিও প্ৰকাশ কৰি অসমত “জনতা কাৰ্ফিউ” সোমবাৰ পুৱা ৮ বজালৈ অব্যহত থাকিব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে অসমবাসীক ৰাইজক সজাগ থাকি “জনতা কাৰ্ফিউ” সমাপ্ত ঘটাৰ পিছতো ঘৰৰ ভিতৰতে থাকিবলৈ আৰু সকলো ধৰণৰ গণসমাবেশৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। কভিড-১৯ কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাইজ সজাগ হ’বই লাগিব আৰু সজাগতা অভিহনে এই মাৰাত্মক ভাইৰাছক পৰাজিত কৰাটো অসম্ভৱ। এই মাৰাত্মক ভাইৰাছ ভাৰতত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দেওবাৰে নিজৰ নিজৰ ঘৰৰ ভিতৰত থাকি “জনতা কাৰ্ফিউ” পালন কৰিবলৈ আহ্বান জনাইছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “জনতা কাৰ্ফিউ” আহ্বানৰ প্ৰতি সমগ্ৰ দেশবাসীৰ লগতে ৰাজ্যবাসীও সঁহাৰি জনায়। দেওবাৰে ৰাজ্যবাসীয়ে “জনতা কাৰ্ফিউ” পালন কৰি ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকে। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰবাসীও ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ ফলত জনশূণ্য হৈ পৰে মহানগৰীৰ বাট-পথ সমূহ।