পলাশবাৰী, সংবাদ ৩৬৫, ১৪ জুন : যোৱা ২৮ মেত ঝাৰখণ্ডত মাওবাদীৰ বোমা বিস্ফোৰণত গুৰুত্বৰভাৱে আহত হৈ অবশেষত যোৱা কালি জীৱন যুঁজত হাৰ মানি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ শ্বহীদ হোৱা আৰ পি এফ ৰ জোৱান অসমৰ বীৰ সন্তান সুনীল কলিতাৰ নশ্বৰ দেহ আহি পালে বৰঝাৰ বিমান বন্দৰত।

২০১১বৰ্ষত চি আৰ পি এফত যোগদান কৰি ২০১৬ ত ২০৯নং কোব্রা ৰেজিমেণ্টৰ জোৱান হিচাবে যোগদান কৰিছিল কোব্রা হিচাবে যোগদান কৰাৰ পূৰ্বে সুনীল কলিতাই ২০১২ ৰ পৰা ২০১৫ চনলৈ শ্ৰী নগৰত কৰ্মৰত আছিল। উল্লেখে যে যোৱা ১০ এপ্ৰিলত বিবাহ বাহত আবদ্ধ হৈছিল শ্বহীদ গৰাকীয়ে।

বিমান বন্দৰ চৌহদত শ্বহীদ গৰাকীক শেষ শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰী ৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী,মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী লগতে আৰক্ষী আৰু চি আৰ পি এফৰ বিষয়া সকলে।বিমান বন্দৰৰ পৰা পোনে পোনে শ্বহীদ গৰাকীৰ নশ্বৰ দেহ নিয়া হয় আমিনগাওঁ স্থিত নাৰায়না চুপাৰ স্পেচিলিটি হাস্পিতালৰ মৰ্গলৈ।অহা কালি ৰাতিপুৱা ভাগত স্ব গৃহলৈ লৈ যোৱা হব শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ । স্ব গৃহভূমিত সামৰিক মৰ্যদাৰে অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হব বীৰ জোৱানজনৰ ।