নলবাৰী, সংবাদ ৩৬৫, ১০ আগষ্ট: দোকানেদোকানে উপলব্ধ সাত ভনীৰ জোনাকীৰ ধূপকাঠি। ধূপকাঠি নিৰ্মানেৰে স্বাৱলম্বী হোৱা নলবাৰীৰ আহিনপুৰৰ সাত গৰাকী উদ্যোমী মহিলা। বৰ্তমান সময়ত নিবনুৱা সমস্যাই ৰাজ্য খনত এক প্ৰধান সমস্যাৰূপে দেখা দিছে। আৰু এই নিবনুৱা সমস্যাই কোঙা কৰি তোলাৰ সময়তে স্বনিৰ্ভৰশীলতাৰ অন্য এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে সাত গৰাকীকৈ উদ্যোমী মহিলাই। তেওঁলোকে এই ব্যৱসায়ৰ জৰিয়তে নিজৰ পৰিয়ালটোক ভৰন পোষণ দি নিজ হাতেৰে তৈয়াৰ কৰিছে এটি ক্ষুদ্র উদ্যোগ। যাৰ নাম হল জোনাকী উদ্যোগ।  মহিলা কেইগৰাকীয়ে প্ৰথমে ধূপকাঠি নিৰ্মানৰ এটি প্ৰশিক্ষণ লৈছিল। পিছত তেওঁলোকে কোনোধৰণৰ চৰকাৰী সাহায্য লাভ নকৰিলে যাৰ বাবে মহিলা কেইগৰাকীয়ে নিজৰ গাঁঠিৰ ধন খৰচ কৰি তৈয়াৰ কৰিছে এটি ক্ষুদ্র উদ্যোগ। উদ্যোগটোৰ কৰ্মী সকলে ধূপকাঠি নিৰ্মাণৰ বাবে ব্যৱহাৰ হোৱা সামগ্ৰী যেনে মিক্স পাউদাৰ, ধূপৰ বাবে ব্যৱহিত কাঠি, চেইণ্ট আদি বিভিন্ন ঠাইৰ পৰা আনি দৈনিক পাঁচ-ছয় ঘণ্টাকৈ কাম কৰি আবেলি বিক্ৰী কৰিবলৈ ওলাই যায়। বৰ্তমান নামনি অসমৰ বিভিন্ন দোকানত সাতভনীৰ ধূপকাঠি উপলবদ্ধ। এই উদ্যোগটোৰ মহিলা সকল নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আশাৰ বতৰা লৈ আহিছে। চৰকাৰী ভাবে আৰ্থিক অনুদান আগবঢ়ালে তেওঁলোক আগবাঢ়ি যাব বুলি আশাবাদী। আৰু সচাকৈ ই এক সুন্দৰ পদক্ষেপ।