নগৰবেৰা ,সংবাদ ৩৬৫, ১৪ এপ্ৰিল : দেশত আৰম্ভ হৈছে লোকসভা নিৰ্বাচন।এতিয়া অলিয়ে গলিয়ে পিটপিটাই ফুৰিছে জনপ্ৰতিনিধি সকল।সভাই সমিতিয়ে বোৱাইছে প্ৰতিশ্ৰুতিৰ বন্যা।কিন্তু ৰাজনৈতিক নেতা সকলৰ প্ৰতিশ্ৰুতি বাস্তৱত কিমান ৰূপ দিয়ে।

পৰিৱৰ্তনৰ শ্লোগানেৰে গাদী দখল কৰি পাঁচটা বছৰ পাৰ কৰিলে মোদী চৰকাৰে।ইয়াৰ পূৰ্বে সূদীৰ্ঘ সময় দেশখন শাসন কৰিলে কংগ্ৰেছ চৰকাৰে।পুনৰ দেশত আৰম্ভ হৈছে লোকসভা নিৰ্বাচন।পুনৰ পৰিৱৰ্তনৰ শ্লোগান আৰম্ভ হৈছে বিজেপিৰ।পিছপৰি থকা নাই কংগ্ৰেছ কিম্বা আন আন ৰাজনৈতিক দলেও।প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী সভা সমিতিত বন্যা বোৱাই দিছে প্ৰতিশ্ৰুতিৰ।কিন্তু প্ৰকৃতাৰ্থত ৰাজ্যৰ গ্ৰামাঞ্চলত পৰিৱৰ্তন হলনে?উন্নয়নৰ মুখ দেখিলেনে গ্ৰামাঞ্চলৰ লোকে??

বাঁহৰ সাঙীৰে ৰোগীক এখন বাঁহৰ দলঙেৰে পাৰ কৰা হয় চিকিৎসালয়লৈ বুলি। প্ৰায় ৭/৮ কি মি পথ এনেদৰে ভাৰবান্দি কান্ধত কৰিয়েই লৈ যোৱা হয় ৰোগীক। মাজত পাৰ হব লগা হয় দুখনকৈ নদী। এই পৰিবেশ বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে পোন্ধৰ বছৰ প্ৰতিনিধিত্ব কৰা সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ নগৰবেৰাৰ দৃশ্য। দক্ষিণ বৰপেটাৰ উক্ত চৰাঞ্চল আৰু কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ গ্ৰামাঞ্চল সমুহত নাই পৰ্যাপ্ত সুবিধাযুক্ত চিকিৎসালয়,নাই এম্বুলেঞ্চ ফলত এই অঞ্চলসমুহৰ ৰোগীক নিব লগীয়া হয় নগৰবেৰা স্বাস্থ্য কেন্দ্ৰলৈ।

ইয়াৰ পাছত হয়তো বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই যে উন্নয়ন কিমান হৈছে।স্বাধীনতাৰ ৭০ টা বছৰ পাৰ হোৱাৰ পাছতো এইদৰেই এটা এম্বুলেঞ্চৰ অভাৱত ঠেলা ঘোডা গাড়ী কিম্বা ভাৰবান্দি ৰোগী কঢিয়ায় কামৰুপ জিলাৰ নগৰবেৰাৰ গ্ৰামাঞ্চলৰ লোকে।
কেৱল এয়াই নহয় বাট পথৰ দুৰৱস্থা, চিকিৎসালয়ত ৰোগী অনুপাতে চিকিৎসক নথকাৰ বাবেই আজিলৈ যমৰ যাতনা ভোগ কৰিছে নগৰবেৰা বাসীয়ে।

ইফালে নগৰবেৰাৰ ডি বি আৰ পি পাৰঘাটত জলজলী নৈৰ ওপৰত ৰাইজে গাঠিৰ ধন খৰছ কৰি নিৰ্মান কৰা বাঁহৰ দলং।চৰকাৰৰ বঞ্চনাৰ বাবেই ৰাইজে উপায়ন্তৰ হৈ এই বাঁহৰ দলংখন নিৰ্মান কৰাৰ বাবে বিপদমুক্তভাৱে অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে জলজলী নদী খন পাৰাপাৰ হব পাৰিছে।

স্বাধীনতাৰ ৭০ টা বছৰে কংগ্ৰেছ আৰু বিজেপি দলৰ জন প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিলে গুৱাহাটী লোকসভা সমষ্টিটো কিন্তু আজিলৈকে এই স্থানত নিৰ্মাণ নহল এখন পকী দলং।

এতিয়া প্ৰশ্ন হয়, ৰাইজে নিৰ্বাচন কৰা জনপ্ৰতিনিধি সকল কিয় বুজি নাপয় ৰাইজৰ দুখ? কেতিয়া প্ৰকৃত পৰিৱৰ্তনৰ মুখ দেখিব নগৰবেৰাৰ গ্ৰামাঞ্চলৰ ৰাইজে??