ফজলুৰ ৰহমান

সোণতলী

১৫ আগষ্ট

দক্ষিণ কামৰূপৰ সোণতলীত অসম মিঞা (অসমীয়া) পৰিষদৰ উত্তাল প্ৰতিবাদ। দক্ষিণ কামৰূপ জিলা বাহাল ৰাখিবলৈ অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

স্বাধীনতা দিৱসৰ দিনাই দক্ষিণ কামৰূপৰ জাওঁকাটাত গৰজি উঠিল অসম মিঞা (অসমীয়া) পৰিষদ৷ দক্ষিণ কামৰূপ জিলা বাহাল ৰখাৰ দাবীত অসম মিঞা (অসমীয়া) পৰিষদে সাব্যস্ত কৰে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। জাওঁকাটা কলহীপাৰ বজাৰ ক্লাৱৰ সহযোগত অসম মিঞা (অসমীয়া) পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি দক্ষিণ কামৰূপ জিলা লাগিবই, দক্ষিণ কামৰূপ জিলা কৰ্তন কৰা নচলিব, দক্ষিণ কামৰূপ জিলা বাহাল ৰাখক, জয় আই অসম আদি ধ্বনিৰে জাওঁকাটাৰ আকাশ-বতাহ কপাই তোলে৷

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি পুনৰ দক্ষিণ কামৰূপ জিলা ঘোষণা কৰা নহয় তেন্তে নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰৰ্তুত্যৰ দিয়া হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে ৷