গুৱাহাটী

১৪ আগষ্ট

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰি জিলাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। মহানগৰ আৰক্ষী আৰু ওদালগুৰি আৰক্ষীয়ে যুটীয়া অভিযান চলাই উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰসমূহ। পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰসমূহ।

কৰ’ণা ভাইৰাছৰ ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে শনিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৪ সংখ্যক স্বাধীনতা দিৱস। কৰ’ণা ভাইৰাছ ৰোধৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালন কৰি দেশবাসীয়ে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ মাজতে বৃহস্পতিবাৰে নিশা বড়োভূমিত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। গুৱাহাটী মহানগৰ আৰক্ষী আৰু ওদালগুৰি আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ওদালগুৰি জিলাত অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। আৰক্ষীয়ে অভিযানত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে ৯ টাকৈ এ কে-৪৭, এ কে-৫৬ আৰু এম-১৬ ৰাইফল। উদ্ধাৰ হোৱা অস্ত্ৰ সমূহৰ ভিতৰত আছে ৭ টাকৈ ৯-এম এম পিষ্টল, ২৭ টা মেগজিন, ১২ টা গ্ৰেণেড, বহু সংখ্যক সক্ৰিয় গুলী আৰু ২০ কেজি বিস্ফোৰক। উদ্ধাৰ হোৱা এই বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, পূৰ্বেও বড়োভূমিৰ বিভিন্ন অঞ্চলৰ লগতে ওদালগুৰি জিলাত কেইবাবাৰো আৰক্ষীয়ে অভিযান চলাই এইদৰে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছে। ইফালে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জিলাখনত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।