ৰঙিয়া, ১১ এপ্ৰিলঃ  ৰঙিয়াৰ ২ নং ইচ্ছাপুৰত আজি স্বামীৰ নিৰ্যাতনত এগৰাকী মহিলাই আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, তিনি বছৰ পূৰ্বে বৰপেটাৰ ৰাজাঘাটৰ মোস্তাফা আলীৰ লগত আঞ্জুৱাৰা বেগম (২৮) বিবাহ পাশত আবদ্ধ হৈছিল৷  বিয়াৰ কিছুদিন পিছৰে পৰা কোনো কাৰণ নোহোৱাকৈয়ে পত্নী আঞ্জুৱাৰাৰ ওপৰত চলিছিল শাৰীৰিক তথা মানসিক অত্যাচাৰ৷ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আঞ্জুৱাৰাই এবছৰীয়া পুত্ৰৰ সৈতে স্বামী গৃহ ত্যাগ কৰি তিনি মাহ পূৰ্বে মাতৃ গৃহত আশ্ৰয় লৈছিল৷ ইয়াৰ পিছতো স্বামী মোস্তাফাই প্ৰায়ে ফোন কৰি পত্নী আঞ্জুৱাৰাক দাবী-ধমকি দি আহিছিল৷  অৱশেষত উপায় বিহীন হৈ আঞ্জুৱাৰাই আজি পুৱা ঘৰৰ পিছফালে থকা আহত গছ এডালত চিপ লৈ আত্মহত্যা কৰে৷ আঞ্জুৱাৰাৰ মৃতদেহ উদ্ধাৰৰ পিছত স্থানীয় তুলসীবাৰী আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷