সৰভোগ, সংবাদ ৩৬৫, ২১ অক্টোবৰ: বৰপেটা জিলাৰ সৰভোগত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। দেওবাৰে ৰাতিপুৱা বেঁকী নৈৰ দলঙৰ পৰা জপিয়াই আত্মহত্যা এগৰাকী অচিনাকি যুৱতীৰ। যুৱতী গৰাকীৰ পিন্ধনত জিনছ পৰিহিত আছিল বুলি জানিব পৰা গৈছে প্ৰত্যক্ষদর্শীৰ পৰা। বৰ্তমানলৈকে যুৱতী গৰাকী চিনাক্ত হোৱা নাই। যুৱতী গৰাকীয়ে নদীত জাপ দিয়া মাছমৰিয়াই প্ৰত্যক্ষ কৰে আৰু লগে লগে কেবাজনো মাছমৰীয়াই উদ্ধাৰ অভিযান চলাই যদিও কোনো সন্ধান উলিয়াব নোৱাৰাত সৰভোগ আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দলঙৰ পৰা চেন্ডেল আৰু কাপোৰ উদ্ধাৰ কৰে। পিছত আৰক্ষীৰ তৎপৰতাত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে আৰু এছ ডি আৰ এফ বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ বেঁকী নৈত উদ্ধাৰ অভিযান চলাই আছে যদিও এই পৰ্যন্ত যুৱতী গৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই। যুৱতী গৰাকীয়ে বেঁকী নৈত জপিয়াই আত্মহত্যা কৰা ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে।