সৰভোগ, সংবাদ ৩৬৫, ৯ নৱেম্বৰ: ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টিত চৰকাৰী আবাসগৃহৰ পয়ালগা অৱস্থাই কৰ্মচাৰীসকলক অতিষ্ঠ কৰি তুলিছে। বৰপেটা জিলাৰ সৰভোগ উপ-ডাকঘৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি ডাকঘৰটোৰ জৰাজীৰ্ণ সমস্যাই কৰ্মচাৰীসকলক বিমোৰত পেলাইছে। উপ-ডাকঘৰটোত কৰ্মৰত পোষ্ট মাষ্টাৰ গৰাকীয়ে জানিবলৈ দিয়ে যে ডাকঘৰটো মাত্ৰ সাতজন কৰ্মচাৰীৰে চলি আছে। কাৰ্যালয়ৰ চৌহদত অৱস্থিত পোষ্ট মাষ্টাৰ আৰু কৰ্মচাৰীৰ বাবে থকা দুয়োটা চৰকাৰী আবাসগৃহ সম্প্ৰতি জহি-খহি গৈছে। মানুহ থকা অনুপযোগী এই ডাকঘৰটোত। এই ডাকঘৰটোতকৈ গোহালীয়ে বহু ভাল বুলি মন্তব্য কৰে পোষ্ট মাষ্টাৰ গৰাকীয়ে। ২০১৫ ৰ পৰা যোৱা দুটা বছৰে কেইবাবাৰো এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও অতি পৰিতাপৰ বিষয় যে আজিকোপতি ডাকঘৰটোৰ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। লগতে ডাকঘৰৰ পোষ্ট মাষ্টাৰ গৰাকীয়ে জনায় যে তেওঁলোকৰ দৰমহাৰ পৰা প্ৰতি মাহে আঠ শতাংশ ধন চৰকাৰী আবাসগৃহৰ বাবদ আদায় দি থাকিবলগীয়া হৈছে। ডাকঘৰৰ কৰ্মচাৰীসকলে কৰা অভিযোগ অনুসৰি, কাৰ্যালয় গৃহটোও লাহে লাহে জহি-খহি যাবলৈ ধৰিছে। বিভাগীয় মন্ত্ৰী-বিষয়াসকলে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি তেওঁলোকে কয় যে, সৰভোগৰ এই উপ-ডাকঘৰৰ অন্তৰ্গত ১১ টা শাখা ডাকঘৰ আছে। পৰ্যাপ্ত সা-সুবিধা আৰু কৰ্মচাৰী নথকাত তেওঁলোকে কাম-কাজসমূহ চলাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে।