সৰভোগ, সংবাদ ৩৬৫, ২২ ছেপ্টেম্বৰ: স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অন্তৰ্গত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্বচ্ছতাই সেৱা-২০১৮ কাৰ্য্যসূচীৰ অধীনত শনিবাৰে দিনৰ ১১ বজাত সৰভোগৰ গান্ধী ময়দানত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ এই সভাত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডল আৰু জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত অনুষ্ঠিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী অভিযন্তা উৎপলানন্দ দাস, বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ চন্দ্ৰ দাস, মেদা নিচুকা জিলা পৰিষদৰ সদস্য মহেন্দ্ৰ দাস। সভাত স্বচ্ছতা সম্পৰ্কে কেইবাজনো ব্যক্তিয়ে বক্তব্য ৰাখে। এই সভাত পাঁচ শতাধিক মহিলা সজাগতা সভাত অংশগ্ৰহণ কৰে। সভা শেষ হোৱাৰ পাছত বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি, জনস্বাস্থ্যৰ কাৰ্যকৰী অভিযন্তা আৰু সভাত উপস্থিত থকা মহিলা সহ ছফাই অভিযান চলাই। ভাৰত চৰকাৰ নিৰ্দেশ ক্ৰমে স্বচ্ছতা সেৱা চলি আছিল যিটো অহা ২০১৯ চনৰ ২ অক্টোবৰ তাৰিখত মহাত্মা গান্ধীৰ ১৫০ বছৰ জন্মদিনত তাৰ আগত উদ্দেশ্যে ৰাখি ৰাইজক স্বচ্ছ পৰিচালনা উদ্বোধন কৰাৰ কাৰণে সজাগতা বৃদ্ধিৰ কাৰণে এই সভা পাতে। সাংবাদ মাধ্যমে জনস্বাস্থ্যৰ কাৰ্যকৰী অভিযন্তাক সৰভোগ আৰু জনিয়া সমষ্টিৰ পানী যোগানৰ আঁচনি বন্ধ হৈ থকাৰ কাৰণ সোধাত কয় বিভাগীয় ফালৰ পৰা গোটেইখিনি কাম সম্পূৰ্ণ কৰি দিয়া গৈছে কিন্তু ৰাইজৰ সহযোগিতা কম দেখা পোৱা গৈছে। যেতিয়া ৰাইজে আগবাঢ়ি আহি কব আমাৰ পানী যোগান লাগে তেতিয়া পানী যোগান আঁচনি কেতিয়াও বহি নাথাকে বুলি মন্তব্য দিয়ে।