সৰভোগ, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ: বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বৰহৰিত সৰভোগ-কলগাছিয়া গড়কাপ্তানী পথত সোমবাৰে নিশা ভুৱা চি বি আইক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, এ এছ ১৫ এ চি ১২৮৮ নম্বৰৰ ট্ৰাকখন সৰভোগ কলগাছিয়া গড়কাপ্তানী পথত ৰখাই থোৱা আছিল। সেই সময়তে এখন মাৰুতি ৱেগনাৰ ট্ৰাক খনৰ ওচৰত ৰাখি মাৰুতিখনত থকা তিনিজন যুৱকে ট্ৰাকত থকা কৰ্মচাৰীক উদ্দেশ্যি দাবী-ধমকি দি নিজকে চি বি আইৰ মানুহ বুলি পৰিচয় দি ট্ৰাকৰ কৰ্মচাৰীক লপা-থপা দিয়ে। পিছত আই কাৰ্ড বিচৰাত গাড়ীৰ মালিক ঘুগুবাৰী গাঁৱৰ মাজাহাৰুল ইছলামক থৈ খাটাকুছি গাঁওৰ ভুৱা চি বি আই ক্ৰমে মাজেদ আলী, ছামছুল আলম আৰু হুমায়ুনে গাড়ী লৈ পলায়ন কৰে। পিছত ৰাইজে গাড়ীৰ মালিক মাজাহাৰুলক আটক কৰি সৰভোগ আৰক্ষীৰ হাতত গতাই দিয়ে।