সৰভোগ, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: এইবাৰ অপহৰণকাৰীৰ জালত সেনা বাহিনীৰ জোৱানৰ পত্নী। বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত মাদুলীঝাৰ গাঁৱৰ সেনা বাহিনীৰ জোৱান অকন বৰ্মনৰ পত্নী তথা ৩ বছৰীয়া এটি সন্তানৰ মাতৃ চিত্ৰা ৰয় বৰ্মনক (২২) যোৱা ২২ ডিচেম্বৰ তাৰিখে নিশা অপহৰণ কৰি লৈ যায়। উক্ত ঘটনা সম্পৰ্কে মহিলা গৰাকীৰ স্বামী অকন বৰ্মনে সৰভোগ আৰক্ষী থানাত সন্দেহযুক্ত ভাবে দুজন ব্যক্তিৰ নামত ৩০৬/১৮ নম্বৰত এটি গোচৰ ৰুজু কৰিছে যদিও আজিলৈকে আৰক্ষীয়ে চিত্ৰা বর্মনক উদ্ধাৰ কৰিব নোৱাৰিলে। ব্যক্তি দুজন ক্ৰমে অটো চালক ৰঞ্জিত কলিতা আৰু খনিন বৰ্মন। দুয়োৰে ঘৰ সৰভোগৰ মাদুলীঝাৰত। উল্লেখ্য যে, অকণ বৰ্মনে পত্নী অপহৰণ সম্পৰ্কে থানাত গোচৰ ৰুজু কৰাৰ ৪ দিন পিছত ৰঞ্জিত কলিতা থানাত আত্মসমৰ্পণ কৰাৰ পিছতো খনিন বৰ্মন আৰু চিত্ৰা ৰয় বৰ্মনৰ কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। অকণ বৰ্মনৰ নিবেদন যে, যদি চিত্ৰা বৰ্মন আৰু খনিন বর্মনক কৰবাত দেখা পায় তেন্তে থানা নাইবা ৯৪০১৯১৬২৫৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।