সৰভোগ, সংবাদ ৩৬৫, ৯ জানুৱাৰী: ৰাজ্যত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ তীব্র প্ৰতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তেই বুধবাৰে দুপৰীয়া সৰভোগ বিদ্যুৎ উপ সংমণ্ডলত এছোছিয়েশ্যন অফ ইঞ্জিনীয়াৰ, এছোছিয়েশ্যন অফ পাৱাৰ ইঞ্জিনীয়াৰ আৰু সৰভোগ ইলেকট্ৰিচিটি চাপ্লাই মজদুৰ ইউনিয়নে এক ধৰ্মঘট অৱস্থান অনুষ্ঠিত কৰে৷ প্ৰাপ্ত তথ্য মতে এন চি চি অ ই ই ই ইৰ উদ্যোগত বিদ্যুৎ সংশোধনী বিধেয়ক-২০১৮ বাতিল কৰা দাবীত সমগ্ৰ দেশতে চলি আছে এই অৱস্থান ধৰ্মঘট৷ অৱস্থান ধৰ্মঘটৰ দাবীসমূহ হৈছে ক্ৰমে শ্ৰম আইন সংশোধনী প্ৰক্ৰিয়া বাতিল কৰা, আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়ক, শ্ৰমিকৰ নুন্যতম মজুৰি ১৮ হাজাৰ আৰু পেঞ্চন ৬ হাজাৰ টকা ধাৰ্য্য কৰা, ঠিকা শ্ৰমিকসহ সকলো অস্থায়ী কৰ্মচাৰীক সমান মজুৰি দিয়াৰ দাবী জনায়।