সৰুপথাৰ, সংবাদ ৩৬৫, ২ ডিচেম্বৰ: সমাগত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উখল মাখল পৰিবেশৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ দেখা গৈছে। পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। শক্তি প্ৰদৰ্শন কৰাত নামি পৰিছে বিজেপি, কংগ্ৰেছ, অগপ । বিগত দিনত কংগ্ৰেছ আৰু অগপৰ দখলত থকা ৰতনপুৰপঞ্চায়তটো পুণৰ নিজৰ দখললৈ আনিবলে কংগ্রেছে বিভিণ্ণ ধৰণেৰে প্ৰচাৰ চলাইছে ৷ দেওবাৰে কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ লগতে ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়িকা ৰ’জলিনা তিৰ্কীয়ে সৰুপথাৰ সমষ্টিটোত কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি কংগ্রেছ দলৰ প্ৰাৰ্থী সকলৰ হৈ প্রচাৰ চলাই । ১৪ নং বৰপথাৰ জিলা পৰিষদৰ অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ নির্বাচনী প্রচাৰ সভাতো সাংসদ আৰু বিধায়িকা গৰাকীৰ আগত পঞ্চায়তখনৰ অন্তৰ্গত বিভিন্ন দলৰ প্ৰায় শতাধিক কৰ্মীয়ে আনুষ্ঠানিক ভাৱে কংগ্রেছ দলত যোগদান কৰে । আনহাতে, ৰতনপুৰৰ উক্ত নির্বাচনী সভাতে অংশগ্রহণ কৰি কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ভাৰতীয় জনতা পার্টি দলক বাংলাদেশী জনতা পার্টি বুলি অভিহিত কৰে । লগতে কংগ্ৰেছ অসম যদি পঞ্চায়ত, কেন্দ্ৰ আৰু ৰাজ্যত কংগ্রেছৰ চৰকাৰ হয়, তেন্তে কংগ্রেছ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিব বুলি কয় ।