সৰুপথাৰ, সংবাদ ৩৬৫, ২ ডিচেম্বৰ: সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। শক্তি প্ৰদৰ্শন কৰাত নামি পৰিছে বিজেপি, কংগ্ৰেছ,অগপ। কংগ্ৰেছ আৰু অগপৰ দখলত থকা পঞ্চায়ত নিজৰ দখললৈ আনিবলে বিজেপিয়ে বিভিণ্ণ ধৰণেৰে চলাইছে প্ৰচাৰ ৷ বাইক ৰেলীৰ জড়িয়তেও ৱাৰ্ডে ৱাৰ্ডে চলিছে প্ৰচাৰ অভিযান ৷ বিশেষকৈ ১৪ নং বৰপথাৰ জিলা পৰিষদৰ অন্তৰ্গত পশ্চিম বৰপথাৰ গাঁও পঞ্চায়তত বিজেপিৰ সভানেত্ৰী পদৰ প্ৰাৰ্থী তৃষ্ণা কোঁৱৰে চলাইছে ব্যাপক প্ৰচাৰ ৷ বিগত সময়ত কংগ্ৰেছৰ কাৰ্যকালত পঞ্চায়টোত সংঘটিত দুৰ্নীতিকে মূল ইচ্যু হিচাপে লৈ ৰাইজৰ মাজত পৰিবৰ্তনৰ শ্লোগানেৰে আগবাঢ়িছে প্ৰাৰ্থীগৰাকী। সমাগত নিৰ্বাচনৰ বাবে এতিয়া সৰুপথাৰ সমষ্টিতো দেখা গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷