সৰুপথাৰ, সংবাদ ৩৬৫, ১২ জানুৱাৰী: ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ প্রতিবাদ চলি থকাৰ মাজতে শুক্ৰবাৰে নিশা সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওঁজান উপ আৰক্ষী থানাই দুখনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে। টাই আহোম যুৱ পৰিষদৰ অভিযোগ মৰ্মে নাওঁজান বিলপথাৰস্থিত ৰাজ ইটা ভাটাৰ পৰা নিশা অবৈধভাৱে কয়লা সৰবৰাহ কৰা এ এছ ০৩ বি চি ৬৩৮৭ আৰু এ এছ ০৪ এ চি ৮৫৪১ নম্বৰৰ দুখন ট্ৰাক জব্দ কৰি লৈ আনে চুঙাজান আৰক্ষী থানালৈ । উল্লেখ্য যে বিগত সময়চোৱাত ধনশিৰি মহকুমাৰ মাজেদি অবৈধভাৱে আৰু অভাৰলোডেদ কয়লা কঢ়িওৱা ট্ৰাক চলাচল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল বিভিন্ন সংগঠনে । উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো এইদৰেই অবৈধভাৱে কয়লা সৰবৰাহ চলি আছিল । শুক্ৰবাৰে নিশা জব্দ কৰা ট্ৰাক দুখনে শিৱসাগৰৰ নাগিনীমৰাৰ পৰা ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ ইটা ভাটা সমূহলৈ কয়লা সৰবৰাহ কৰিছিল । ইফালে কয়লা ভৰ্তি ট্ৰাক এখনৰ চালক শিৱ কুমাৰে কয় য়ে তেওঁলোকে অধিক বোজাৰ কয়লা অনাটো হয় । তদুপৰি তেওঁৰ কি কি নথিপত্ৰ আছে তাৰ সঠিক উত্তৰ দিয়াত ব্যৰ্থ হয় । চালকজনে কয় যে অধিক বোজা নকঢ়িওৱালে তেওঁলোকৰ কোনো লাভ নহয় বাবে অধিক বোজা কঢ়িয়াই । ইফালে চালকজনে কয় যে চিৰাজুল নামৰ স্থানীয় এজন লোকেই এইদৰেই অবৈধভাৱে কয়লা সৰবৰাহ কৰি আহিছে আৰু চিৰাজুলৰ কথা মতেই কয়লা আনিছিল সৰুপথাৰলৈ ।