গুৱাহাটী, সংবাদ ৩৬৫, ৪ এপ্ৰিল : সৰ্বভাৰতীয় মাৰ্চৰ সৈতে সংগতি ৰাখি অসমৰ অন্যায় আৰু সকলো ধৰণৰ বৈষম্যৰ প্ৰতিবাদ কৰি শান্তি আৰু সমন্বয়ৰ পক্ষত ৰাজপথলৈ ওলাই আহিছে উইমেন মাৰ্চ ফৰ চেঞ্জ। এই উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে উইমেন মাৰ্চ ফৰ চেঞ্জে।
সাম্প্ৰতিক সময়ত যি হিংসা তথা ঘৃণাৰ পৰিবেশ ৰচনা কৰা হৈছে তাৰ বিৰুদ্ধে দেশ ব্যাপী সহস্ৰাধিক নাৰীয়ে ৰাজপথত ওলাই আহিছে। সমগ্ৰ দেশজুৰি সজাগ নাৰীসকলে অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলি পৰিবৰ্তনৰ বাবে উইমেন মাৰ্চ ফৰ চেঞ্জে আৱাজ তুলিব।
উইমেন মাৰ্চ ফৰ চেঞ্জে মাৰ্চৰ জৰিয়তে কুলচুমা বেগমৰ মৃত্যুৰ ন্যায় বিচৰাৰ লগতে পুনৰ সংস্থাপন অবিহনে যিকোনো উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে শীঘ্ৰে আইন প্ৰণয়নৰ বাবে চৰকাৰক দাবী জনায়।
মাৰ্চে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধসমূহ প্ৰতিকাৰৰ বাবে সক্ৰিয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে মহিলা শ্ৰমিকৰ নূন্যতম মজুৰি প্ৰতি ঘণ্টাত ৫০ টকালৈ বৃদ্ধি কৰাৰ লগতে সামাজিক সুৰক্ষা আইন প্ৰণয়নৰ বাবে দাবী জনায়।
সংবাদমেলৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে বৈষম্যৰ বিৰোধীতা কৰাৰ লগতে যুৱতীসকলৰ মুক্ত বিচৰণ নিশ্চিত কৰা, ছাত্ৰীৰ বাবে পৰ্যাপ্ত আৱাস নিৰ্মাণ কৰা, পছন্দ নিৰ্বাচন কৰাৰ অধিকাৰ নিশ্চিত কৰা তথা অন্যান্য সামাজিক সুবিধা বৃদ্ধিৰ বাবে দাবী জনায়।
মাৰ্চৰ জৰিয়তে চৰকাৰক সাংবিধানিক প্ৰমূল্য বজাই ৰখাৰ লগতে ভাৰতীয় সংবিধানে নিশ্চিত কৰা ধৰ্মনিৰপেক্ষতা, সমানতা আৰু সংহতি বজাই ৰখাৰ বাবে সকলো পৰ্যায়ৰ জনসাধাৰণক সংবাদমেলৰ জৰিয়তে আহ্বান জনায় উইমেন মাৰ্চ ফৰ চেঞ্জে।