মিৰ্জাৰ পৰা অজয় দাস, ৭ জানুৱাৰী: দক্ষিণ কামৰূপৰ বঙৰাত দেওবাৰে হঠাৎ জ্বলি উঠে খেৰ ভৰ্তি এখন মহিন্দ্ৰা পিক আপ ভেন। মহিন্দ্ৰা পিক আপ ভেন খনে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা পাছনীয়াপাৰা নামৰ গাঁৱৰ মানুহ এঘৰৰ পৰা খেৰ কঢ়িয়াই গাঁৱৰ মাজেৰে গৈ থকা অৱস্থাত হঠাৎ গাড়ীখন জ্বলি উঠে। খেৰ ভৰ্তি পিক আপ ভেনখনৰ খেৰৰ ওপৰিখণ্ড বিদ্যুৎৰ তাৰত লগাৰ ফলত এই অগ্নিকাণ্ডৰ সৃষ্টি হয়। গাড়ীখনৰ চালকজনে অতি সাহকৰে জুই লগা স্বত্বেও গাড়ীখন গাঁৱৰ ভিতৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ উলিয়াই আনিবলৈ চেষ্টা কৰোতে পুনৰ গাড়ীখন এক বিদ্যুৎ খুটাত প্ৰচণ্ড জোৰে খুণ্ডা মাৰে। জুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰন কৰে। এই দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱা নাই যদিও স্থানীয় লোকে অভিযোগ কৰে যে বিদ্যুৎৰ তাৰসমূহ বহু তলত আৰু ওলমি থকাত পিছতো এই তাৰসমূহৰ প্ৰতি কোনো ব্যৱস্থা লোৱা নাই বিদ্যুৎ বিভাগে যাৰ ফলত পুনৰ এনে ঘটনা সংঘটিত হব পাৰে।