কুন্দন ভৰালী

নগাঁও

৫ ছেপ্টেম্বৰ

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৃত্যুক সাৱতিলে হত্যাকাৰী ৰিমন শইকীয়া ওৰফে চিকেন্দ্ৰই। প্ৰশান্ত বণিয়াৰ হত্যাকাণ্ডত জড়িত আছিল ৰিমন শইকীয়া। আনটো হত্যাকাৰী নিতুল শইকীয়াৰো অৱস্থা সংকটজনক।

নগাঁৱৰ প্ৰশান্ত বণিয়া নামৰ যুৱক এজনৰ হত্যাকাণ্ডৰ লগত জড়িত থকা দুই যুৱক ৰিমন শইকীয়া আৰু নিতুল শইকীয়াক দেওবাৰে ৰাইজে আৱদ্ধ কৰি গণপ্ৰহাৰ কৰাৰ ফলত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা হত্যাকাৰী দুজনৰ ৰিমন শইকীয়াই মৃত্যুক সাৱতিলে। দেওবাৰে নগাঁৱৰ ৰনথলী ৰজাভেটি গাঁৱত ৰাইজে হত্যাকাণ্ডৰ অভিযুক্তি ৰিমন শইকীয়া ওৰফে চিকেন্দ্ৰক আটক কৰি গণপ্ৰহাৰ কৰিছিল। ৰিমন শইকীয়াক ৰাইজে আটক কৰি গণপ্ৰহাৰ কৰাত ৰনথলী ৰজাভেটি গাঁৱত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে ৰিমন শইকীয়া গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ৰাইজে বহু সময় ধৰি আৱদ্ধ কৰি ৰখা হত্যাকাণ্ডৰ অভিযুক্তি ৰিমন শইকীয়াক পিছত সংকটজনক অৱস্থাত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও অৱশেষত ৰিমন শইকীয়াই মৃত্যুক সাৱতিলে। আনহাতে ৰাইজৰ প্ৰহাৰত আহত হোৱা আনজন হত্যাকাৰী নিতুল শইকীয়াৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

নগাঁও জিলাৰ ৰণথলিত শনিবাৰে নিশা ৰিমন শইকীয়া আৰু নিতুল শইকীয়া নামৰ দুজন যুৱকৰ সৈতে প্ৰশান্ত বনিয়া নামৰ এজন যুৱকৰ কাজিয়াৰ সূত্ৰপাত হোৱাত ৰিমন শইকীয়া আৰু নিতুল শইকীয়াই চুৰিৰে প্ৰশান্ত বনিয়াক আক্ৰমণ কৰাত প্ৰশান্ত বনিয়াৰ মৃত্যু হৈছিল। হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক অৱস্থাত থকা ৰিমন শইকীয়া আৰু নিতুল শইকীয়াক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে দেওবাৰে নগাঁৱৰ ৰনথলী ৰজাভেটি গাঁৱত ৰাইজে অভিযুক্তি ৰিমন শইকীয়া ওৰফে চিকেন্দ্ৰ আৰু নিতুল শইকীয়াক আটক কৰি আক্ৰমণ চলাইছিল।