মলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১০ আগষ্ট: শিৱসাগৰ জিলাৰ হাঁ‌হচৰা কুজিবালিত শুক্ৰবাৰে পুৱাই এখন লোহাৰ ভৰ্তি অনুজ্ঞাপত্ৰবিহীন এখন চোৰাং গাড়ী জব্দ কৰা হয়।জানিব পৰা মতে শিৱসাগৰ জিলাৰ লাকুৱাৰ পৰা এ এছ ০৪ এ চি ২০০৬ নম্বৰ অনুজ্ঞাপত্ৰ বিহীন লোহা ভৰ্তি এই চোৰাং গাড়ী খন শিৱসাগৰ নগৰ অভিমুখে আহি থকা অৱস্থাত হাঁ‌হচৰা নিৱাসী দিগন্ত চেতিয়াই প্ৰত্যক্ষ কৰাত ওৰহি গছৰ ওৰ ওলাই পৰে। বৰ্তমান লোহা ভৰ্তি চোৰাং গাড়ী খন শিৱসাগৰ জিলাৰ চেৰেকাৰপাৰ আৰক্ষীৰ জিম্মাত। গাড়ী খনৰ চালক বৰ্তমানেও পলাতক বুলি জানিবলৈ দিছে চেৰেকাপাৰ আৰক্ষী চকীয়ে।