গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মে’ : আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । প্ৰথম স্থান লাভেৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰাই কঢ়িয়াই আনিলে সুনাম।

দ্বিতীয় স্থানত আছে চিন্ময় হাজৰিকা, ডনবস্কো হাইস্কুল, বাঘচোং, যোৰহাট আৰু গুৱাহাটীৰ ছেইণ্টমেৰিজ হাইস্কুলৰ প্ৰত্যাশা মেধি ।

তৃতীয় স্থানত আছে ক্ৰমে আফ্ৰিন আহমেদ খ্ৰাইষ্টজ্যোতি স্কুল, নগাঁও, অনুশ্ৰী ভূঞা ছেইণ্টমেৰিজ হাইস্কুল, গুৱাহাটী।

চতুৰ্থ স্থানত কৃষ্টি শইকীয়া ছেইণ্টমেৰিজ হাইস্কুল, গুৱাহাটী।

পঞ্চম স্থান প্ৰাপ্তসকল ক্ৰমে ফাল্গুনী শৰ্মা, ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰী স্কুল, বাক্সা, লবজ্যোতি দাস,ডনবস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৈৰাগীমঠ, ডিব্ৰুগড়, উপাসা মুদৈ, গোলাঘাট জাতীয় বিদ্যালয় ,তৌছিফ তমন্না ৰহমান, ছেইণ্টমেৰিজ হাইস্কুল, লখিমপুৰ। প্ৰিয়ংকা কলিতা, অসম জাতীয় বিদ্যালয়, নুনমাটি।

একেদৰে ষষ্ঠ স্থানত আছে ৰাজশ্ৰী পাঠক, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, অভীস্পা দাস, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছাৰমিন হাছনাত,চেণ্ট্ৰেল গাৰ্লছ হাইস্কুল, গোৱালপাৰা, অনুৰাগ বৰ্মন,উদয়ন শান্তি নিকেতন, বেজেৰা, প্ৰিয়ম কাশ্যপ, পায়নিয়াৰ একাডেমী, পুঠিমাৰী।

সপ্তম স্থান লাভ কৰিছে ক্ৰমে ছেইণ্টমেৰিজ হাইস্কুল, লখিমপুৰৰ অলয় বুঢাগোহাঁই আৰু দ্বীপজ্যোতি শৰ্মা, অংকুৰৰাজ কাশ্যপ,
পুৰণিগুডাম আৰ কে বি উচ্চতৰ মাধমিক বিদ্যালয়, নগাঁও আৰু নিকিতা কলিতা,লিটল ফ্লাৱাৰ স্কুল, নলবাৰী।

অষ্টম স্থান লাভ কৰিছে ক্ৰমে ইভান কাশ্যপ কলিতা, ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰী স্কুল, বাক্সা, বৰষা ডেকা,আগডলা চাৰিআলি হাইস্কুল, কামৰূপ, নিশিতা খাটনিয়াৰ, বেবেজিয়া পি কে এছ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ইশান ভূঞা, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, দ্বীপ শইকীয়া, ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়,দেবাশ্ৰী শইকীয়া, গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট।

সেইদৰে নৱম স্থান প্ৰাপকসকল ক্ৰমে হিৰকজ্যোতি চৌধুৰী,পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল,জেফ্ৰিন আৰা আহমেদ,
হেপীচাইল্ড ইংলিছ স্কুল, ছিপাঝাৰ ইৰফান হক, খ্ৰাইষ্টজ্যোতি স্কুল, নগাঁও, দ্বীপশেখৰ কলিতা, বিবেকানন্দ বিদ্যা নিকেতন, টিহু ,অৰ্চিতা দুৱৰা, ছেইণ্ট জোছেফ হাইস্কুল, মৰাণহাট।

দশম স্থানত লাভ কৰিছে ক্ৰমে উদ্দীপ্ত কলিতা,উত্তৰ বজালী হাইস্কুল, অনিৰ্বাণ দত্ত, বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ, ডিব্ৰুগড়, অচ্যুত কুমাৰ চেতিয়া, গোলাঘাট জাতীয় বিদ্যালয়, মনিশা মালাকাৰ শংকৰদেৱ বিদ্যা নিকেতন, হাজো, বিতোপন কলিতা, অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল, মিৰ্জা, শাগ্নিক বণিক, ডনবস্কো হাইস্কুল, হোজাই, মিণ্টু গায়ন, পুৰণিগুডাম আৰ কে বি উচ্চতৰ মাধমিক বিদ্যালয়, নগাঁও, দ্বীপজ্যোতি শৰ্মা,
শংকৰদেৱ বিদ্যা নিকেতন, টিহু।