মিৰ্জা, সংবাদ ৩৬৫, ১৫ মে’ : আজি ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধাৰাপুৰ কোছপাৰাতো আনন্দৰ জোৱাৰ । এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মিৰ্জাৰ অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ ছাত্ৰ বিতোপন কলিতাই ৫৮৩ নম্বৰেৰে দখল কৰিলে দশম স্থান । যাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলজুৰি বৈছে আনন্দৰ বন্যা ।

ফলাফল ঘোষণা হোৱাৰ পিছতে ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে বিতোপনৰ বাসগৃহত উপস্থিত হয় সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে পুত্ৰৰ এই সাফল্যত উৎফুল্লিত পিতৃ-মাতৃ ।