দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৯ মে’ : এজন মেধাবী ছাত্ৰ । দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত সৰস্বতী শিক্ষা নিকেটন বিদ্যালয়ৰ এই ছাত্ৰজনৰ নাম দেৱশীষ কলিতা । গণিত আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰি সৰ্বমুঠ ৯৬শতাংশ পোৱা এই ছাত্ৰজন সুখী নহয় নিজৰ ফলাফলক লৈ ।

গকুল কলিতা আৰু গীতা কলিতাৰ পুত্ৰ দেৱশীষ কলিতাই চিত্ৰাঙ্গন আৰু তবলাৰ প্ৰতিযোগিতাত বিভিন্ন স্থানত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰি দক্ষিণ কামৰূপৰ সুনাম কঢ়িয়াই আনিছে । কিন্তু মেধাবী ছাত্ৰ জন সুখী নহয় নিজৰ ৯৬ শতাংশ লাভ কৰাত । কাৰণ ছাত্ৰজনৰ ম’তে তেওঁ লাভ কৰিব লাগিছিল আৰু কিছু নম্বৰ ।

মিৰ্জাৰ জামৰতলৰ এইজন ছাত্ৰই কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰি ভৱিষ্যতত ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈ এজন ভাল বিষয়া হোৱাৰ সপোন বান্ধিছে ছাত্ৰ দেৱশীষ কলিতাই । আনহাতে অধ্যয়নৰ মাজত ব্যস্ত থাকিও দেৱশীষে চলাই গৈছে বাদ্য যন্ত্ৰৰ আৰু আৰ্ট কৰাত ।