বৰপেটা, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ যুৱ প্ৰজন্মক ধ্বংসৰ পথত ঠেলি দিয়া আই পি এল ক্ৰিকেটৰ জুৱাৰী সোমাল ৰঙা ঘৰত।

হাউলী ‌আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলাই হাউলীৰ ওচৰৰ জয়পুৰ বজাৰৰ পৰা এজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

আটকাধীন যুৱকজন যশিহাটী গাঁৱৰ বাদশাহ মিয়াৰ পুত্র মবিনুৰ ৰহমান। আৰক্ষী সুত্রই জনোৱা মতে আই পি এল আৰম্ভ হোৱাৰ দিনৰ পৰা তিনিজন যুৱকে জয়পুৰ বজাৰৰ এখন গেলামালৰ দোকানত চলাই আহিছিল আই পি এল ক্ৰিকেটৰ নামত জুৱাৰ বেহা । হাউলী আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোশ্বামীৰ নেতৃত্ব বুধবাৰে নিশা অভিযান চলাই এজন যুৱকক আটক কৰাৰ লগতে জয়পুৰ বজাৰত থকা জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় ।

আটকাধীন যুৱক জনৰ পৰা দুটা মোবাইল ফোন আৰু নগদ ধন লগতে কিছু নথি পত্র জব্দ কৰিবলৈ সক্ষম হয় । আটকাধীন যুৱক জনৰ বিৰুদ্ধে ইতিমধ্যে হাউলী আৰক্ষী থানাত ১৪ অফ আসাম গেম এণ্ড বেটিং এক্ট ১৯৭০ ধাৰাত ১৪৯/১৯ নম্বৰৰ এটি গোচৰ ৰুজু কৰি যুৱক জনক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

ইপিনে হালাপাকুৰী মিলন বজাৰ,হাজিপাৰা জয়েন বজাৰ,খন্দকাৰপাৰা বজাৰ,কুমুল্লিপাৰাচক,হাউলী নগৰৰ আশে-পাশে চলাই থকা আই পি এলৰ জুৱাৰ ঘাটিসমূহত পৰ্যায় ক্ৰমে অভিযান চলাই বন্ধ কৰি নৱ প্ৰজন্ম তথা স্কুল-কলেজৰ ছাত্র সকলক ৰক্ষা কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে |