বাক্সা, সংবাদ ৩৬৫, ৮ মেঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাজালপাৰা শংকৰদেৱ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত মঙলবাৰে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰা হয়। গুৱাহাটী এপল’ হাস্পাতালৰ উদ্যোগত আৰু গোৰেশ্বৰ আঞ্চলিক আক্ৰাছুৰ সহযোগত অনুষ্ঠিত কৰা স্বাস্থ্য শিৱিৰত শিশু আৰু গৰ্ভৱতী মহিলাৰ লগতে বিভিন্ন ৰোগৰ ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয়৷ গুৱাহাটী এপল’ হাস্পাতালৰ চিকিৎসক ডা° মৃনাল চন্দ্ৰ ভট্টাচাৰ্য, ডা° চবিৰ খান, অনুপমা হাজং আৰু ৰক্তিম ইংতি লগতে মাৰ্কেটিং কনচালটেঞ্চি অৰুণ দাসৰ উপৰিও কেইবাগৰাকী নাৰ্ছ আৰু হাস্পাতাল কৰ্মচাৰী চিকিৎসা শিবিৰত উপস্থিত থাকে৷ পুৱা ১১ বজাৰ পৰা আবেলি ৪ বজালৈ অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিৱিৰৰ শুভ উদ্বোধন কৰে গোৰেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেৰম্ব গোস্বামীয়ে৷ স্বাস্থ্য শিৱিৰত বিনামূলীয়া ঔষধ যোগান ধৰাৰ লগতে গৰ্ভৱতী মহিলাসকলক ঘৰৰ পৰা গাড়ীৰে অনা নিয়াৰ ব্যৱস্থাও কৰা হয় বুলি আক্ৰাছুৰ সভাপতি শংকৰ ৰাজবংশী আৰু সম্পাদক নৱজ্যোতি বৰুৱাই জানিবলৈ দিয়ে আৰু গোৰেশ্বৰ অঞ্চলৰ আশাকৰ্মীৰ লগতে এপল’ হাস্পাতালৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলক এই শিবিৰৰ জড়িয়তে ৰাইজৰ সেৱা আগবঢ়োৰ বাবে ধন্যবাদ জনায়৷