আজিজ আলী

হাজো

২৭ অক্টোবৰ

হাজো অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান “আমাৰ প্ৰয়াস”ৰ উদ্দোগত মঙলবাৰে খোপনিকুছি উচ্চ মাধ্যমিক বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী উপ মহাপৰিদৰ্শক আবু ছুফিয়ান।

স্বেচ্ছাসেৱী অনুষ্ঠান “আমাৰ প্ৰয়াস” ৰ উদ্দোগত অধিবক্তা ছফিকুল হকৰ সভাপতিত্বত কৃতী ছাত্ৰ-ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক তথা অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক আবু ছুফিয়ানে এন ই ই টি, জে ই ই, উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সূখ্যাতিৰে উত্তীৰ্ণ ২০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, জাপি আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায়।

বিদ্যালয়খনৰ সহ শিক্ষক ফিৰোজ আলীয়ে আত ধৰা সভাত উপস্থিত থাকে সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰবক্তা আবুল হুছেইন, জিলা পৰিষদৰ সদস্য ৰুবুল আলী, পঞ্চায়ত সভানেত্ৰী জুনু বেগম, আঞ্চলিক সদস্যা ৰাজেদা বেগম, সমাজ কৰ্মী আব্দুল মালিক, মনছুব আলী সমন্বিতে দুই শতাধিক লোক।