দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ৩ আগষ্টঃ হাটশিঙিমাৰী চুপাৰ মাৰ্কেটত দুষ্ট চক্ৰৰ আবন্টনৰ যো-জা৷ কাণষাৰ নাই জিলা প্ৰশাসনৰ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটছিঙিমাৰী চুপাৰ মাৰ্কেটৰ ব্যৱসায়ী সকলক দোকানৰ বাবে মাটি-ভেটি আবন্টন প্ৰক্ৰিয়া দীৰ্ঘ দিনৰ পৰা বন্ধ হৈ থকাৰ ফলত জিলা প্ৰশাসনে নতুনকৈ মাটি ভেটি আবন্টন দিয়াৰ যোজা চলাই থকাৰ সময়তে এটা চক্ৰত লাখ লাখ টকা সংগ্ৰহ কৰি দোকানৰ মাটি ভেটি নতুন ব্যৱসায়িক আবন্টন দিয়াৰ যোজা চলাই থকাত মাৰ্কেট খনত দীৰ্ঘ দিনৰ পৰা ভাড়া দোকানত চলাই অহা ব্যৱসায়ী সকল মাটি ভেটি আবন্টনৰ পৰা বঞ্চিত হৈ পৰা পৰিলক্ষিত হৈছে। ভাড়াত ব্যৱসায় কৰা দোকানী সকলে শুক্ৰবাৰে এই অভিযোগ তুলি চুপাৰ মাৰ্কেট বন্ধ পালন কৰাৰ লগতে জিলা উপযুক্তৰ কাৰ্য্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এওঁলোকৰ দাবী প্ৰকৃত তথা দীৰ্ঘ দিনৰ পৰা ভাড়াত দোকান কৰি থকা ব্যৱসায়ী সকলক মাটি আবন্টন নিদিয়ালৈকে চুপাৰ মাৰ্কেটত মাটি আবন্টন প্ৰক্ৰিয়া বন্ধ ৰাখিব লাগে। আনহাতে বজাৰ খনত বৰষুণ দিলেই লেতেৰা পৰিবেশৰ সৃষ্টি হয়, এই লেতেৰা পৰিবেশ ঠিক কৰাৰ লগতে বজাৰখন কেনেকৈ উন্নত কৰিব পাৰি সেই বিষয়ে জিলা প্ৰশাসনে গুৰুত্ব দিব লাগে বুলি ব্যৱসায়ী মহলে দাবী তুলিছে।