আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহস্পতিবাৰে দুপৰীয়া ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০ ৰ শুভাৰম্ভ কৰে অতিৰিক্ত জিলা উপায়ুক্ত ইনামুল হকে।

জিলাভিত্তিক পৰ্যায়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পোষণ মাহৰ এই শুভাৰম্ভ অনুষ্ঠানত সংশ্লিষ্ট বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ সমদল উলিয়াই গৰ্ভৱতী মহিলা সকলক পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা, বাল্য বিবাহ বন্ধ কৰা, ছেপ্টেম্বৰ মাহক ৰাষ্ট্ৰীয় পুষ্টিকৰ মাহ হিচাপে পালন কৰা আদি কেতবোৰ শ্ল’গানেৰে সজাগতা মূলক অভিযান চলায়।

জিলা দণ্ডাধীশ ডঃ দিপাংকৰ নাথৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ ফেকামাৰী আৰু মানকাচৰৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া জালাল উদ্দিন আহমেদ, সংশ্লিষ্ট বিভাগটোৰ অংগনাবাড়ী ছুপাৰ ভাইজাৰ, কৰ্মী আদিকে ধৰি বিভিন্ন স্তৰৰ প্ৰায় শতাধিক বিষয়া কৰ্মচাৰী।