কাজিৰঙা, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰীঃ বুধবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে ইউনাইটেড কিংডমৰ সেনাবাহিনীৰ সৰ্বোচ্চ পদধিকাৰীয়ে। ইউনাইটেড কিংডমৰ সেনাবাহিনীৰ সৰ্বোচ্চ পদধিকাৰী ছাৰ নিক’লাচ প্ৰেট্ৰিক কাৰ্টাৰে পৰিয়ালসহ হাতীৰ পিঠিত উঠি দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল শিবিৰ। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰি আপ্লুত হৈ পৰে ইউনাইটেড কিংডমৰ সেনাবাহিনীৰ সৰ্বোচ্চ পদধিকাৰীগৰাকী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা প্ৰকৃতিক পৰিবেশ আৰু বিশ্ব বিখ্যাত এশিঙীয়া গঁড় প্ৰত্যক্ষ কৰি তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল আনন্দিত হৈ পৰে। প্ৰায় দুঘণ্টা ধৰি তেওঁ পৰিয়ালৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰে। ভাৰত ভ্ৰমণলৈ অহা ইউনাইটেড কিংডমৰ সেনাবাহিনীৰ সৰ্বোচ্চ পদধিকাৰী ছাৰ নিক’লাচ প্ৰেট্ৰিক কাৰ্টাৰ বুধবাৰে অসম চৰকাৰৰ আলহী হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। ছাৰ নিক’লাচ প্ৰেট্ৰিক কাৰ্টাৰক সংগ দিয়ে ব্ৰিটিছ উচ্চ আয়ুক্তৰ বিষয়া আৰু ভাৰতীয় সেনাৰ এটি দলে। ভাৰতীয় সেনাৰ ৪ ক’ৰে সুৰক্ষা আৰু আতিথ্য প্ৰদান কৰে ইউনাইটেড কিংডমৰ সেনাবাহিনীৰ সৰ্বোচ্চ পদধিকাৰীগৰাকীক।