বাক্সা
৪ অক্টোবৰ

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক লৈ উত্তপ্ত পৰিস্থিতি। সত্যৰঞ্জন বৰাক বাধা প্ৰদনা কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হ’ল।

বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক লৈ দেওবাৰে বাক্সাৰ ধমধমাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দেওবাৰে নলবাৰী জিলাত এক সভাত অংশগ্ৰহণ কৰি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা বাক্সাৰ গড়ভিতৰলৈ গৈ থকা অৱস্থাত ধমধমাত একাংশ লোকে সত্যৰঞ্জন বৰাক বাধা প্ৰদনা কৰাৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ধমধমাত সত্যৰঞ্জন বৰাক আৱদ্ধ কৰি বাধা প্ৰদনা কৰাত দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হোৱাত ঘটনাস্থলীত নলবাৰী আৰক্ষী, বাক্সা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই যদিও সত্যৰঞ্জন বৰাক বাধা প্ৰদান কৰা ৰাইজ অধিক উত্তপ্ত হৈ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীলৈ শিলগ নিক্ষেপ কৰে। আৰক্ষী আৰু বাধা প্ৰদানকাৰী ৰাইজৰ মাজত সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰিবলৈ বাধ্য হৈ গুলী চালনা কৰে। বাধাপ্ৰদানকাৰী ৰাইজে আৰক্ষীৰ গুলীলৈ কেৰেপ নকৰি শিল নিক্ষেপ কৰি থকাৰ ফলত কেইবাখনো বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে সাংবাদিকো আহত হয় বুলি জানিব পৰা গৈছে।

ইফালে ঘটনা সংক্ৰান্তত সত্যৰঞ্জন বৰাই কয় যে “আমি হিন্দু হৈ মুকলিকৈ ঘূৰি ফুৰিব পৰা নাই। আমাৰ শক্তিত একাংশই ভয় খাইছে’। হিন্দুত্ববাদী নেতা গৰাকীৰ লগত থকা সমৰ্থক সকলে ‘জয় হনুমান’ শ্ল’গানেৰে পৰিৱেশ উতলা কৰি তোলে। আনফালে বাধা প্ৰদনাকাৰী ৰাইজে সত্যৰঞ্জন বৰাই ৰাজ্যত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি পৰিৱেশ বিনষ্ট কৰি আছে। আমাৰ অঞ্চলত হিন্দু-মুছলমানৰ মাজত থকা সম্প্ৰীতি বিনষ্ট কৰি সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰিবলৈ দিয়া নহ’ব। সত্যৰঞ্জন বৰাই সম্প্ৰদায়িক বিভেদ সৃষ্টি কৰা মন্তব্য প্ৰদনা কৰি থকাৰ বাবেই তেওঁক বাধা প্ৰদান কৰা হৈছে বুলি মত প্ৰকাশ কৰে।