ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১১ মেঃ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত অভিযুক্ত আলফা আলোচনাপন্থী গোটৰ নেতা জিতেন দত্ত শুক্ৰবাৰে ডিগবৈ আৰক্ষী চকীত উপস্থিত হোৱাত জিতেন দত্তক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত কেইবা শতাধিক লোকে ডিগবৈ আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ডিগবৈ উন্নয়ন সমিতি, বৃহত্তৰ ডিগবৈ ঐক্যমঞ্চ, আছু, চুতীয়া ছাত্র সংস্থা, গোর্খা ছাত্র সংস্থা, মৰাণ ছাত্ৰ সন্থা, এনএচইউআইৰ লগতে অঞ্চলটোৰ কেইবাটাও দল সংগঠন আৰু স্থানীয় ৰাইজে ডিগবৈ আৰক্ষী চকীত উপস্থিত হৈ অসম চৰকাৰ মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ, জাতীয় নায়ক মূৰ্দাবাদ, জিতেন দত্তক বিনা চৰ্তে মুক্তি দিয়ক শ্ল’গানৰে পৰিস্থিতি উত্তাল কৰি তুলে৷ প্ৰায় ২ ঘণ্টা ধৰি দণ্ডাধিশে আলফা নেতা গৰাকীক জেৰা কৰাৰ পিছত মুকলি কৰি দিয়াৰ পিছতে আলফা নেতা গৰাকীয়ে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে গনতান্ত্ৰিক আন্দোলন আৰম্ভ কৰাৰ কথা ঘোষনা কৰে৷