কলগাছিয়া, সংবাদ ৩৬৫, ২ এপ্ৰিল : মঙলবাৰে কলগাছিয়াৰ এখন সভাত বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰে সৈতে সাংবাদিকৰ সাক্ষাৎকাৰত ।

৬ নং বৰপেটা লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে যুৱ কংগ্ৰেছৰ সভাত উপস্থিত হৈ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত আজমলে কৰা ইলো ইলোৰ প্ৰতিক্ৰিয়া হিচাপে কয় যে
আমি হলো বিজেপিৰ মূল প্ৰতিদ্বন্দী, ইলো ইলো আমাৰ লগত কেনেকৈ থাকে। বিজেপিৰ লগত ইলো ইলোৰ এ আই ইউ ডি এফ আছে । এ আই ইউ ডি এফ বিজেপিৰ এজেন্ট আৰু ব্লেক মেইল পাৰ্টি সেই কথা ইতিমধ্যেই স্পষ্ট হৈছে।

ইফালে আজমলে বৰপেটা আৰু ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিমন্তৰ প্ৰাৰ্থী বুলি কৰা মন্তব্য সন্দৰ্ভত খালেকে বিৰোধিতা কৰি কয় যে, হিমন্তৰ লগত আজমলৰহে যোগাযোগ আছে, হিমন্ত আজমলৰহে বছ। আমি যদি হিমন্তৰ লগত থাকিলোঁহেঁতেন, তেন্তে কংগ্ৰেছৰ লগত নাথাকি বিজেপিত থাকি বিভাজনৰ ৰাজনীতি কৰিলোঁহেঁতেন ।

আনহাতে হিমন্ত আৰু আজমল দুয়োজনকেই অসমৰ শত্ৰু বুলি মন্তব্য কৰে খালেকে। হিমন্ত আৰু আজমলক কটাক্ষ কৰি খালেকে কয় যে হিমন্ত ক্ষমতাত থকা লোক, ক্ষমতা যিফালেই থাকে আজমলো সেইফলেই থাকে। ২০ মে’ৰ পিছত হিমন্তই পুনৰ কংগ্ৰেছত অহাৰ চেষ্টা কৰিব। আজমলৰ মিত্ৰতাৰ নাটকো হিমন্তৰ স্ক্ৰীপ্ট আৰু এতিয়া কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিছে সেইকাৰণে ভোট অকংগ্ৰেছী দলক ভোট দিব লাগে বুলিও নাটক কৰি আছে। ইয়াতে বুজা যায় আজমল বিজেপিৰ এজেন্ট। লগতে আজমলৰ ৰিমট ক’নট্ৰল যে হিমন্ত সেই কথা সকলোৱে জানে।