গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মে’ : যোৱা ২৭ মে’ত আসাম পাব্লিক ৱৰ্কছে তেওঁলোকৰ এখন সংবাদমেলত উল্লেখ কৰিছিল যে লুঙী টুপী পিন্ধা মুছলমান মানেই বাংলাদেশী নহয়। লগতে এইবুলিও কৈছিল যে এইটোও নহয় যে লিগেচী ডাটাৰ ক্ৰয় বিক্ৰয় কৰা বাংলাদেশী মুছলমানবিলাক ভাৰতীয়। গতিকে লিগেচী ডাটা ক্ৰয় বিক্ৰয়েৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাসকলৰ ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষই কি ব্যৱস্থা লব এইয়া ৰাজহুৱা হব লাগে বুলি আজি অনুষ্ঠিত কৰা এখন সংবাদমেলৰ জৰিয়তে দাবী কৰে আসাম পাব্লিক ৱৰ্কছৰ অধ্যক্ষ অভিজিৎ শৰ্মাই ।

তেখেতে আৰু কয় যে লিগেচী ডাটা ক্ৰয় বিক্ৰয়েৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাসকলৰ নাম যদি সন্নিবিষ্ট হৈয়ে ৰয় আৰু এইসকলৰ বিপক্ষে যদি অভিযোগ দাখিল কৰা নহয় তেন্তে এয়া দুৰ্ভাগ্যজনক হব।

ইফালে এন আৰ চিৰ মূল খচৰা প্ৰকাশ হোৱাৰ পাছতেই উচ্চতম ন্যায়ালয়ত লিগেচী ডাটা ক্ৰয় বিক্ৰয় হোৱাৰ কথা জনাই ধুবুৰী, কোকৰাঝাৰ, চিৰাং,লখিমপুৰ, ধেমাজি আদিকে ধৰি মুঠ ২২ খন জিলাৰ এন আৰ চি পুনৰীক্ষণ কৰাৰ বাবে আবেদন জনাইছিল আসাম পাব্লিক ৱৰ্কছে । উক্ত শপতনামা প্ৰদানৰ পাছতেই উচ্চতম ন্যায়ালয়ে প্ৰতীক হাজেলাক ১০% পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু এই নিৰ্দেশৰ পুনৰীক্ষণ সম্পৰ্কত ৰিপৰ্ট দাখিল কৰিলে নে কৰা নাই সেই বিষয়ত প্ৰধান গোচৰীয় হিচাপে আসাম পাব্লিক ৱৰ্কছ বৰ্তমানেও অজ্ঞ। উক্ত বিষয়টো উহ্য হৈয়ে ৰল বুলি আজি অনুষ্ঠিত কৰা সংবাদমেলত মন্তব্য কৰে অভিজিৎ শৰ্মাই।

সেইবাবে পুনৰ আসাম পাব্লিক ৱৰ্কছে উচ্চতম ন্যায়ালয়ত অবৈধ বাংলাদেশী মুক্ত আৰু এজনো প্ৰকৃত ভাৰতীয় বাদ নপৰা ক্ৰুতিহীন এন আৰ চিৰ স্বাৰ্থত ১০% পুনৰীক্ষণৰ বিষয়টোক গুৰুত্ব দি ব্যৱস্থা লবৰ বাবে আবেদন জনাবলৈ লোৱাৰ কথাও সংবাদমেলত সদৰী কৰে ।

ইয়াৰোপৰি ১০% চেম্পুল ৰিভেৰিফিকেশ্যন সম্পৰ্কত প্ৰতীক হাজেলাই ন্যায়ালয়ক কি ৰিপৰ্ট দিছিল তথা ১০% চেম্পুল ৰিভেৰিফিকেশ্যন সন্দৰ্ভত অসম চৰকাৰৰ ফালৰ পৰা ন্যায়ালয়ত কিছু ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় লগতে ২ তাতকৈ অধিক সন্তান জন্ম দিলে ভোটাধিকাৰৰ লগতে চৰকাৰী সা-সুবিধা কৰ্তন কৰিবলৈও চুপ্ৰিম ক’ৰ্টত কেচ কৰিব আসাম পাব্লিক ৱৰ্কছে।