গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মে’ : বুধবাৰৰ গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগত পাঞ্জাৱাৰীৰ পৰা আটক কৰা হৈছিল জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক । জাহ্নৱী আৰু প্ৰাণময় ৰাজগুৰুৰ অধিবক্তা সংবাদ মাধ্যমৰ আগত ভাষ্য ১৪ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰিছিল যদিও ১০ দিনৰ বাবেহে আৰক্ষীৰ জিম্মাত ৰখা হব জাহ্নৱী শইকীয়াক।

ইয়াৰোপৰি খাদ্যৰ পৰা আৰম্ভ কৰি কাপোৰ-কানিৰ লগতে ৪৮ ঘণ্টাৰ মূৰে মূৰে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে আদালতে নিৰ্দেশ দিয়ে আৰক্ষীক। আৰক্ষীৰ জিম্মাত থকাৰ সময়তে তেওঁলোকৰ পৰিয়ালৰ লোকে লগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে লগ কৰিব পাৰিব বুলিও সংবাদ মাধ্যমৰ আগত কয় জাহ্নৱী আৰু প্ৰাণময় ৰাজগুৰুৰ অধিবক্তাই।

তদন্তকাৰী সংস্থাত এজন আছামীয়ে পাব লগীয়া যাবতীয় চিকিৎসা সেৱা প্ৰদান কৰিবৰ বাবেও আৰক্ষীক নিৰ্দেশ দিয়ে আদালতে। অহা ২৭ মে’ত তেওঁলোকক পুনৰ আদালতত হাজিৰ কৰোৱা হব।

সাতগাওঁ আৰু গীতানগৰ আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে দুটা গোচৰ ক্ৰমে আই পি চি ১৪৭/২০১৯ আৰু ২১০/২০১৯ ৰুজু কৰা হৈছে।