দিল্লী, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰী : দেশৰ ৰাজধানী দিল্লী পুনৰ দখল কৰি অহা ১৬ ফেব্ৰুৱাৰীত ৰামলীলা মৈদানত তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব অৰবিন্দ কেজৰিৱালে। যোৱা পাঁচ বছৰৰ দিল্লীৰ উন্নয়ৰ ৰিপৰ্ট কাৰ্ডলৈ দিল্লীবাসীৰ ওচৰত ভোট বিচাৰি যোৱা আম আদমী পাৰ্টিক নিৰাশ নকৰিলে দিল্লীবাসীয়ে। দিল্লীৰ ৭০খন বিধানসভাৰ আসনৰ ৬২খনতে আম আদমী পাৰ্টিক বিজয় কৰাই দিল্লীবাসীয়ে তৃতীয়বাৰৰ মুখ্যমন্ত্ৰীৰ পদত বহাৰ সুযোগ প্ৰদান কৰিলে অৰবিন্দ কেজৰিৱালক।

দিল্লী বিধাসভাৰ ৭০খন আসনৰ ৬২খনত জয়লাভ কৰি অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে তৃতীয়বাৰৰ বাবে দিল্লীত চৰকাৰ গঠন কৰিবলৈ ওলাই। আহ ১৬ ফেব্ৰুৱাৰীত ৰামলীলা মৈদানত তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে। তৃতীয়বাৰৰ বাবে বৃহৎ জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা আম আদমী পাৰ্টিৰ সফলতাৰ আঁৰত আছিল যোৱা পাঁচটা বছৰে দিল্লীত চৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত অৰবিন্দ কেজৰিৱালে প্রদর্শন কৰা দক্ষতা। যোৱা পাঁচ বছৰৰ দিল্লীৰ উন্নয়ৰ ৰিপৰ্ট কাৰ্ডলৈ দিল্লীবাসীৰ ওচৰত ভোট বিচাৰি যোৱা অৰবিন্দ কেজৰিৱালৰ ওপৰত পুনৰ ভৰসা কৰি দিল্লীবাসীয়ে কেজৰিৱালক তৃতীয়বাৰৰ বাবে প্ৰদান কৰিলে মুখ্যমন্ত্ৰীৰ গুৰুদায়িত্ব। অৰবিন্দ কেজৰিৱালৰ উন্নয়নৰ ৰিপৰ্ট কাৰ্ডৰ শক্তিৰ ওচৰত বিজেপিৰ সৰ্বশক্তিও কাম নকৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথীয়ে দিল্লী দখলৰ বাবে প্ৰচাৰ চলাইও কেজৰিৱালক পৰাজিত কৰিবলৈ সক্ষম নহ’ল।

কংগ্ৰেছ দ্বিতীয়বাৰৰ বাবে দিল্লীত শূণ্যৰ ঘৰত থকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহেও সক্ষম নহ’ল দিল্লী জয় কৰিবলৈ। অৱশ্যে পূৰ্বৰ ৩খন আসনৰ পৰা উন্নত হৈ বিজেপিয়ে দিল্লীত আসনৰ সংখ্যা ৮লৈ নিবলৈ সক্ষম হৈছে।